একাংশ নিচামুক্তি কেন্দ্ৰতো চলে ড্ৰাগছৰ ব্যৱসায়:মুখ্যমন্ত্ৰী

৬ জুলাইৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। বাজেট অধিৱেশনৰ দ্বিতীয়দিনটোত বিধানসভাৰ মজিয়াত ড্ৰাগছৰ ভয়াবহতা সন্দৰ্ভত বিস্তৃত আলোচনা হয়। শাসক বিৰোধী উভয় পক্ষই উদ্বেগ প্ৰকাশ কৰে অসমত ড্ৰাগছৰ ভয়াবহতা সন্দৰ্ভত। বিষয়টো উত্থাপন কৰে কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক জাকিৰ হুছেইন সিকদাৰে। সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত ড্ৰাগছৰ ভয়াবহতাৰ তথ্য দাঙি ধৰে শাসক বিৰোধী উভয় পক্ষই। বৰপেটাত ড্ৰাগছৰ অধিক ভয়াবহতাৰ কথা সদৰি কৰে বিধায়ক জাকিৰ হুছেইন সিকদাৰ, দীপক দাস, শ্বেৰমান আলি আহমেদে। সদনৰ পৰাই মুখ্যমন্ত্ৰীলৈ আহ্বান বিধায়ক বদৰুদ্দিন আজমলৰ,
‘মুছলমান বসতিপ্ৰধান অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাওক’
‘ড্ৰাগছৰ লগত জড়িত ব্যক্তি পালেই Shoot & sit কৰিবলৈ আহ্বান আজমলৰ’।
‘লাগিলে সি মুছলমানেই নহওক কিয়’। আনকি, ড্ৰাগছৰ ভয়াবহতা লৈ মন্তব্য কৰি সদনত উচুপি উঠে বদৰুদ্দিন আজমল। এই আলোচনাৰ মাজতে সংসদীয় পৰিক্ৰমামন্ত্ৰী পীযুষ হাজৰীকাই সদনত দাঙি ধৰিলে ড্ৰাগছ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য।

২০১১ত ড্ৰাগছৰ গোচৰ আছিল ১৯৫ টা

ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ ২১৭ জন

২০১২ত ১৫৫‌টা গোচৰত গ্ৰেপ্তাৰ ২১৮ জন

২০১৫ত ২০৬ গোচৰৰ বিপৰীতে গ্ৰেপ্তাৰ ৩২৮জন

২০২১ বৰ্ষত ২২৫৪ টা গোচৰত গ্ৰেপ্তাৰ ৪,১৭৫ জন

২০২২ বৰ্ষত গোচৰ ৰুজু হল ২,৮৭৮ টা

২০২৩ বৰ্ষত গোচৰ ৰুজু হৈছে ৩,০৩৫

২০২৪ বৰ্ষত ড্ৰাগছৰ গোচৰ ৰুজু হৈছে ৩,৩২৩ টা

২০২৫ বৰ্ষত গোচৰ ৰুজু হৈছে ৩,৩৩৩ টা

২০২৫ত ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ ৪,৯০১ জন

আনহাতে, এই আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে ভাষণ ৰাখে সদনৰ মজিয়াত। ভাষণত মুখ্যমন্ত্ৰীৰ মন্তব্য, ‘ড্ৰাগছ ব্যৱসায়ী অতি চতুৰ। আৰক্ষীয়ে ভাল কাম কৰিবলৈ সদনে সহযোগ কৰিব লাগিব। অপৰাধীৰ ধৰ্মকলৈ সদনত প্ৰশ্ন কৰিলে নহ’ব। একাংশ নিচামুক্তি কেন্দ্ৰতো চলে ড্ৰাগছৰ ব্যৱসায়’। সদনত এয়া মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ। যাৰ বাবে ভাল ভাল NGO ক ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।

এনেদৰেই, বাজেট অধিৱেশনৰ দ্বিতীয়টো দিনত আলোচনা হয় ড্ৰাগছৰ ভয়াবহতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা।

 

https://www.facebook.com/share/v/197TMMdaD2/

 

https://www.facebook.com/share/v/18y2EFC4MP/

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *