কোন ৰাজ্যৰ দখলত অসমৰ কিমান ভূমি?
বিধানসভাত পুনৰ ভাৰত বাংলাদেশ সীমান্তৰ বিষয়। কেৱল ভাৰত বাংলাদেশৰ সীমা সমস্যাই নহয়, চুবুৰীয়া ৰাজ্যসমূহেও দখল কৰিছে অসমৰ ভুমি। চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি দখলৰ ভয়ংকৰ তথ্য অসম বিধানসভাত।
চলিত বিধানসভাত ভাৰত বাংলাদেশ সীমান্তৰ ফেঞ্চিঙক লৈ পুনৰ প্ৰশ্ন। প্ৰশ্নোত্তৰত উন্মোচিত হ’ল, ‘আজিও উন্মোক্ত ভাৰত বাংলাদেশ সীমান্ত।কেইবাটাও স্থানত ফেঞ্চিঙৰ ব্যৱস্থাই কৰিব পৰা নাই চৰকাৰে। কুচিয়াৰা নদীত আজিও অসম্পূৰ্ণ সীমান্তৰ ফেঞ্চিঙৰ কাম।’ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ এই অকপট স্বীকাৰোক্তি বিধানসভাত। ইয়াৰ মাজতে মন্ত্ৰী অতুল বৰাৰ মন্তব্য, ‘ফেঞ্চিঙৰ ব্যৱস্থা নহলেও ভাৰত-বাংলা সীমান্তত অন্য ধৰনে কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। অসম চৰকাৰৰ নিয়ন্ত্ৰণত আছে ছেকেণ্ড লাইন ছিকিউৰিটিৰ ব্যৱস্থা।’
ইয়াৰ মাজতে, সদনত মন্ত্ৰী অতুল বৰাৰ আন এক অভিযোগ, ‘কংগ্ৰেছৰ দিনতে অসমৰ ৮২ হাজাৰ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত।’ পিচে, সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই অভিযোগ কৰা অনুসৰি চুবুৰীয়া কোন ৰাজ্যৰ দখলত অসমৰ কিমান ভূমি? এই সন্দৰ্ভত বিভাগে, বিধানসভাত দাখিল কৰা তথ্য অনুসৰি,
মেঘালয়ৰ দখলত অসমৰ ৩৪৪১.৮৬০১ হেক্টৰ ভূমি
অৰুণাচলৰ দখলত অসমৰ ১৬১৪৪.০১১৭ হেক্টৰ ভূমি
নাগালেণ্ডৰ দখলত অসমৰ ৫৯৪৯০.২১ হেক্টৰ ভূমি
আৰু মিজোৰামৰ দখলত আছে অসমৰ ৩৬৭৫.৭৮ হেক্টৰ ভূমি। সীমান্ত উন্নয়ন বিভাগৰ মন্ত্ৰী সদনত দাখিল কৰে এই তথ্য। মন্ত্ৰী অতুল বৰাৰ মন্তব্য, ভাৰত বাংলাদেশ সীমান্ততকৈ অধিক উন্মোক্ত অসমৰ আন্তঃৰাজ্যিক সীমা।
এনেদৰেই অন্তৰাষ্ট্ৰীয়, আন্তঃৰাজ্যিক সীমা সমস্যাৰ ছবিখন সীমান্ত উন্নয়ন বিভাগৰ তথ্যত ফাদিল হৈছে।