যদিহে ২০০ গ্ৰাম টমেট’ চচৰ দাম ৮০ টকা, তেন্তে ১ কিলোগ্ৰাম বিলাহীৰ মূল্য মাত্ৰ ১ টকা কিয়?

এইবাৰ বিধানসভাৰ মজিয়া পালেগৈ টমেট’ চচৰ বটল। খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই বিধানসভালৈ আনিলে টমেট’ চচৰ বটল। ২০০ গ্ৰামৰ টমেট’ চচৰ বটল এটা জেপত ভৰাই সদনলৈ লৈ গৈছিল বিধায়ক শইকীয়াই। কৃষকৰ দুৰ্দশাৰ কথা বুজাবলৈ টমেট’ চচৰ বটল আনিলে মৃনাল শইকীয়াই। শইকীয়াৰ অভিযোগ অনুসৰি প্ৰকৃত কৃষকে বিলাহীৰ উচিত দাম পোৱা নাই। চহৰত বিলাহীৰ দাম চৰা যদিও, গঞা কৃষকে ১ টকা দৰত বিক্ৰী কৰিব লগীয়া হয় বিলাহী। বিধায়ক মৃনাল শইকীয়াৰ প্ৰশ্ন, ‘যদিহে ২০০ গ্ৰাম টমেট’ চচৰ দাম ৮০ টকা হয়, ১ কিলোগ্ৰাম বিলাহীৰ মূল্য কিয় মাত্ৰ ১ টকা হ’ব?’

লগতে, মৃনাল শইকীয়াৰ কৃষি সন্দৰ্ভত কেইবাটাও অভিযোগ

*প্ৰকৃত কৃষকে নাপায় কৃষি সামগ্ৰী

*সময়মতে কৃষকে লাভ নকৰে কৃষি সামগ্ৰী

*প্ৰকৃত কৃষকৰ নামত নাই কৃষিভূমি

*কৃষিভূমি নথকাৰ ফলত কৃষকে নাপায় PM কিষাণ আচনিৰ সুবিধা

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয়টো দিনত এই অভিযোগ খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ।

মৃনাল শইকীয়াৰ অভিযোগৰ উত্তৰ দিয়ে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰী পীযুষ হাজৰিকাৰ স্বীকাৰোক্তি

*প্ৰকৃত বহু কৃষকৰ হাতত নাই কৃষিভূমি

*কৃষিভূমি কৃষকৰ নামত কৰিবলৈ কৃষিবিভাগে গ্ৰহণ কৰিব পাইলট প্ৰজেক্ট

*ককা, আজোককাকৰ পৰা প্ৰকৃত কৃষকৰ নামলৈ হ’ব নামজাৰী

*জাগীৰোড সমষ্টিৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া। ইয়াৰ বাবে আলোচনা হৈছে কেন্দ্ৰীয় চৰকাৰৰ সৈতে। সদনত জনালে মন্ত্ৰী পীযুষ হাজৰিকাই।

আনহাতে,যি সকলে আনৰ মাটিত খেতি কৰি আছে, প্ৰকৃত মাটিৰ গৰাকীৰ পৰা NOC দিয়াৰ ব্যৱস্থা কৰা হ’ব। যাৰ ফলত কৃষকে লাভ কৰিব PM কিষাণৰ সুবিধা। ইয়াৰ বাবে কেন্দ্ৰৰে আলোচনা চলি থকাৰ কথা সদৰি মন্ত্ৰী হাজৰিকাৰ। ইয়াৰোপৰি সদনত মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘোষণা,

*সকলো কৃষকে নাম পঞ্জীয়ন কৰিবই লাগিব

*পঞ্জীয়ন নকৰা কৃষকে লাভ নকৰে কৃষি সামগ্ৰী

*বৰ্তমান ১৮.৫ কৃষকে লাভ কৰিছে PM কিষাণৰ সুবিধা

*১৩ লাখ কৃষকৰ হাতত আছে প্ৰমাণ পত্ৰ

*বৰ্তমান চলি আছে কৃষকৰ নাম পঞ্জীয়নৰ কাম

*নবেম্বৰলৈ চলিব কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া

*নবেম্বৰলৈ ৭ লাখ কৃষকৰ নাম পঞ্জীয়নৰ লক্ষ্য কৃষি বিভাগৰ

আনহাতে, ক্ষুদ্ৰ চাহ খেতিয়কক প্ৰকৃত কৃষকৰ মৰ্যদা প্ৰদান কৰা হ’ব বুলিও সদনত ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ। ইয়াৰোপৰি,

*চাহ বাগিছাৰ মাটিৰ পট্টা লাভ কৰা লোকেও লাভ কৰিব কৃষকৰ প্ৰমাণ পত্ৰ

শেষত মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘোষণা, এইবাৰ কৃষকক আগতিয়াকৈ দিয়া হ’ব কৃষি সামগ্ৰী। এনেদৰেই বিধায়ক মৃনাল শইকীয়াৰ প্ৰশ্নৰ উত্তৰত কৃষকৰ অধিকাৰ, উন্নয়নৰ কথা ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ।

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *