ধুবুৰী, ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পৰিসৰ বৃদ্ধি

ব্ৰহ্মপুত্ৰত এফালে বান, আনফালে খহনীয়াৰ বিভীষিকা। খহনীয়াৰ ফলত দিনক দিনে বিভিন্ন স্থানত ব্যাপক হাৰত প্ৰস্হ বৃদ্ধি পাইছে বৰলুইতৰ। খহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰ আটাইতকৈ অধিক বহল হৈ পৰিছে ধুবুৰীত। ধুবুৰীৰ পাছতে ক’ত পৰিসৰ বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ?

ডেৰ দশকত শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰই খহাইছে দুয়োপাৰ

কেৱল গুৱাহাটীক বাদ দি উজনিৰ পৰা নামনিলৈ লুইতৰ পৰিসৰ ক্ৰমাত বৃদ্ধি

ব্ৰহ্মপুত্ৰৰ বৰ্ধিত পৰিসৰে শংকিত কৰি তুলিছে নৈপৰীয়াক

জলসম্পদ বিভাগৰ সূত্ৰত এই ভয়াবহ তথ্য প্ৰকাশ

ধুবুৰীত ২০১১ চনত ব্ৰহ্মপুত্ৰ বহল আছিল ৮.৪৪ কি:মি

২০২৫-২৬ত ধুবুৰীত ব্ৰহ্মপুত্ৰৰ পৰিসৰ বৃদ্ধি হয়গৈ ১৩.০৮৭ কি:মি: লৈ

অৰ্থাৎ, ডেৰদশকত লুইতে গ্ৰাস কৰিছে দুয়োপাৰৰ ৪.৬৪৭ কি:মি: ভূমি

২০১১ত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ প্ৰস্থ আছিল ৯.৮৮ কি:মি:

২০২৫-২৬ত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ বহল হয়গৈ ১০.২৫ কি:মি:

২০১১ত যোৰহাটত লুইতৰ পৰিসৰ আছিল ৯.৮ কি:মি

২০২৫-২৬ত যোৰহাটত লুইতৰ প্ৰস্থ বৃদ্ধি হয় ১০.২ কি:মি লৈ

২০১১ত তেজপুৰত ব্ৰহ্মপুত্ৰৰ বহল আছিল ৬.৭৪ কি:মি

২০২৫-২৬ত তেজপুৰত ব্ৰহ্মপুত্ৰৰ বহল বৃদ্ধি হয় ৭.৫৪ কি:মি

২০১১ত গোৱালপাৰাত ব্ৰহ্মপুত্ৰ বহল আছিল ৪.৬৯ কি:মি

২০২৫-২৬ত গোৱালপাৰাত প্ৰস্থ বৃদ্ধি হয় ৫.১৫ কি:মি লৈ

গুৱাহাটীত বৰ্তমানলৈ একেই আছে বৰলুইতৰ পৰিসৰ

তথ্য অনুসৰি তুলনামূলকভাৱে ২০১১ পৰা ২০২৫-২৬লৈ

ব্ৰহ্মপুত্ৰৰ পৰিসৰ বৃদ্ধি হ’ল ধুবুৰী, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গোৱালপাৰাত

আটাইতকৈ ব্ৰহ্মপুত্ৰৰ পৰিসৰ বৃদ্ধি হৈছে ধুবুৰীত

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *