NDA ৰ প্ৰতিবাদ, গুৱাহাটীত ‘মহিলা আক্ৰোশ’

সংসদত গৃহীত নহ’ল বিজেপিৰ মহিলা শক্তি বন্দন বিধেয়ক। বিধেয়কৰ সপক্ষত পৰ্যাপ্ত ভোট নপৰাৰ ফলতে গৃহীত নহ’ল বিধেয়ক। ইয়াৰ ফলত কংগ্ৰেছৰ নেতৃত্বত থকা বিৰোধীক সমালোচনাৰে থকা সৰকা কৰিছে বিজেপি তথা NDA ৰ অংশীদাৰ দল সমূহে। যাৰ ফলত ২৩ এপ্ৰিলত বৃহৎ প্ৰতিবাদ হ’ব গুৱাহাটীত। NDA ৰ সমৰ্থিত আটাইকেইটা দলে কংগ্ৰেছৰ বিৰুদ্ধে ‘মহিলা আক্ৰোশ’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। কাৰণ, বিৰোধীয়ে সমৰ্থন নিদিয়াৰ বাবেই সংসদত গৃহীত নহ’ল নাৰীশক্তি বন্দন সংশোধনী বিধেয়ক। যাৰ ফলত সদনত মুখ থেকেচা খালে বিধেয়কখনে। ইয়াৰ ফলত বিজেপি তথা NDA ৰ অংশীদাৰ দল সমূহৰ মহিলা নেত্ৰী সকলৰ লগতে নেতা সকলেও প্ৰতিবাদ কৰা দেখা গৈছে। কংগ্ৰেছ তথা বিৰোধীক নাৰী বিদ্বেষী আখ্যা শাসক পক্ষৰ। নাৰী বিদ্বেষী বাবেই কংগ্ৰেছৰ নেতৃত্বত বিৰোধীয়ে মুখ থেকেচা খোৱালে নেকি নাৰীশক্তি বন্দন সংশোধনী বিধেয়কখন? এই প্ৰশ্ন BJP তথা NDA ৰ অংশীদাৰী দল সমূহৰ। যাৰ প্ৰতিবাদ হ’ব দেশৰ ৰাজ্যই ৰাজ্যই। অসমতো ২৩ এপ্ৰিলত প্ৰতিবাদ কৰিব বিজেপি তথা NDA ই। ইতিমধ্যে, সাংসদ বিজুলী কলিতা মেধিকে ধৰি ২১ গৰাকীক দ্বায়িত্ব দিয়া হৈছে ‘মহিলা আক্ৰোশ’ প্ৰতিবাদৰ বাবে। NDA ৰ অংশীদাৰ দল সমূহে এক হৈ প্ৰতিবাদ কৰিব কংগ্ৰেছ তথা বিৰোধীৰ বিৰুদ্ধে।

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *