‘পশ্চিমবংগত বিজেপিৰ চৰকাৰ আহিলে গো-মাংস বন্ধ হ’ব’
অসম বিধানসভাৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ড৹ হিমন্ত বিশ্ব শৰ্মা। এইবাৰ পশ্চিম বংগত বিজেপিৰ চৰকাৰ স্থাপনৰ লক্ষ্য বিজেপিৰ। যাৰ বাবে হিমন্ত বিশ্ব শৰ্মা সহ, অসম বিজেপিৰ জ্যেষ্ঠ কনিষ্ঠ সকলো নেতা ব্যস্ত পশ্চিম বংগত।
পশ্চিম বংগৰ সমষ্টিয়ে সমষ্টিয়ে ব্যস্ত ড৹ হিমন্ত বিশ্ব শৰ্মা। ইখনৰ পিছত সিখন বিজেপিৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পশ্চিম বংগত এইবাৰ চৰকাৰ স্থাপনৰ লক্ষ্য বিজেপিৰ। যাৰ বাবে দেশৰ প্ৰতিখন ৰাজ্যৰ বিজেপিৰ নেতা কৰ্মীয়ে ভিৰ কৰিছে পশ্চিম বংগত। অসমৰ নিৰ্বাচন সামৰি হিমন্ত বিশ্ব শৰ্মাকে আদিকৰি অসম বিজেপিৰো সকলো ব্যস্ত পশ্চিম বংগৰ প্ৰচাৰ অভিযানত। বিজেপিৰ বিজয় সংকল্প সভাত অসমৰ উন্নয়নৰ উদাহৰণেৰে পশ্চিমবংগৰ জনতাক আকৰ্ষণৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ মাজতে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ। মমতা বেনাৰ্জীক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, ‘পশ্চিমবংগত বিজেপিৰ চৰকাৰ আহিলে গো-মাংস বন্ধ হ’ব’।
‘গো-মাংসৰ ব্যৱসায় বন্ধ হোৱাৰ ভয় মমতা বেনাৰ্জীৰ’।
এনেদৰেই পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। পশ্চিমবংগত বিজেপিৰ শ্ল’গান ‘পাল্টানো দরকার, চাই বিজেপি সরকার’