২০২৬ ৰ বিধানসভা নিৰ্বাচনত কিয় বাঢ়িল ভোট দানৰ হাৰ!!
২০২৬ ৰ বিধানসভা নিৰ্বাচনত কিয় বাঢ়িল ভোট দানৰ হাৰ!! এই সন্দৰ্ভত আমাৰ এক বিশ্লেষণ।
সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ ভোট দানৰ হাৰে পূৰ্বৰ ৪ টা নিৰ্বাচনৰ অভিলেখ ভংগ কৰিছে। অসমৰ জনতাই হিল দল ভাঙি ২০২৬ ৰ নিৰ্বাচনত ভোট দান কৰা দেখা গ’ল। ইয়াৰ কাৰণ হিচাপে বিভিন্ন জনে ভিন্ন ভাবে বিশ্লেষণ কৰা দেখা গৈছে। প্ৰকৃততে কিয় বাঢ়িছে ভোট দানৰ হাৰ? হঠাতে কেনেদৰে বৃদ্ধি হ’ল ভোট দানৰ হাৰ? ইয়াকে লৈ বিভিন্নজনে ভিন্ন ধৰনে বিশ্লেষণ কৰা দেখা গৈছে। বিৰোধীৰ বিশ্লেষণ অনুসৰি চৰকাৰ তথা বিজেপিৰ প্ৰতি বিতুষ্ট হৈ এইবাৰ ভোট দানৰ বাবে ওলাই আহিছিল জনতা। জনতাই চৰকাৰ সলনি কৰাৰ ইংগিত দিয়াৰো দাবী কৰা দেখা গল বিৰোধীক। কিন্তু বিজেপিৰ দাবী, চৰকাৰৰ কাম কাজত সন্তুষ্ট হৈ, এইবাৰ চিনাকি মানুহে কেন্দ্ৰ সমুহত ভিৰ কৰিছিল ভোট দানৰ বাবে। এইবাৰৰ নিৰ্বাচনত ভোট দানৰ মুঠ হাৰ আছিল ৮৫.৯১%। আনহাতে, ২০০৬ ৰ পৰা ২০২৬ লৈ ভোট দানৰ হাৰ আছিল এনে ধৰণৰ।
২০০৬ ত ভোট দানৰ হাৰ আছিল ৭৫.৭৭
২০১১ ত ভোট দানৰ হাৰ আছিল ৭৬.০৩
২০১৬ ৰ নিৰ্বাচনত ভোট দানৰ হাৰ আছিল ৮৪.৭২
২০২১ ৰ নিৰ্বাচনত ভোট দানৰ হাৰ আছিল ৮২.২৮%
২০২৬ ৰ নিৰ্বাচনত ভোট দানৰ মুঠ হাৰ ৮৫.৯১%
এইবাৰ পূৰ্বৰ তুলনাত ভোট দানৰ হাৰ প্ৰায় ৪% বৃদ্ধি হোৱা দেখা গ’ল।
অৱশ্যে, ভোট দানৰ হাৰ বৃদ্ধি হোৱাৰ অন্য কাৰণো আছে। ভোট দানৰ বাবে অসমৰ প্ৰায় ২০ হাজাৰ গাঁৱত সভা পাতিছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এটা শাখা জাগৰণ মঞ্চই। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই প্ৰতিটো সমষ্টিতে পাতিছিল সভা। চোতালে, দোকানে বজাৰে সৰু সৰু বৈঠকেৰে ভোট দিবলৈ সংঘৰ কৰ্মীয়ে উৎসাহিত কৰিছিল খিলঞ্জীয়াক। খিলঞ্জীয়া বসতিপ্ৰধান প্ৰতিখন গাঁৱত সংঘৰ ৪০০-৫০০ কৰ্মীয়ে পাতিছিল সভা। নিৰ্বাচনৰ তিনিমাহ পূৰ্বৰ পৰা ভোট দানৰ দিনটোলৈ অনুষ্ঠিত হৈছিল ৪০০-৫০০ সভা স্বয়ংসেৱক সংঘৰ ‘লোক জাগৰণ মঞ্চ’ই গাঁৱে গাঁৱে বিলাইছিল গোহাৰি পত্ৰ। ‘অসমৰ ভবিষ্যতৰ স্বাৰ্থত ১০০% ভোট দান’ৰ বাবে আহ্বান জনাইছিল লোক জাগৰণ মঞ্চই। সংঘৰ শাখা, লোক জাগৰণ মঞ্চৰ উৎসাহতে হয়তো প্ৰতিখন গাঁও, চহৰ, নগৰৰ পৰা খিলঞ্জীয়া ওলাই আহিছিল ভোট দানৰ বাবে। যাৰ বাবে হয়তো এইবাৰ বৃদ্ধি হ’ল ভোট দানৰ হাৰ।