বিসম্বাদৰ পৰা আঁতৰি থাকি পুৰস্কৃত হ’ল নেকি ৰমেন ডেকা!

‘বিজেপি Party With Difference, ‘বিসম্বাদৰ স্থান নাই বিজেপিত’

এয়া আমাৰ ভাষ্য নহয়, এয়া সময়ে সময়ে বিজেপিয়ে কৰি অহা মন্তব্য। কিন্তু ইমানৰ পাছতো লোকসভা নিৰ্বাচনৰ সময়ত অন্তকন্দল, বিসম্বাদে বিধস্ত কৰিলে বিজেপিক। যাৰ ফলত আশানুৰূপ ফলাফলৰ পৰা বঞ্চিত হ’ল বিজেপি।

লোকসভাত অসম বিজেপিৰ ফলাফল ভাল যদিও জ্যেষ্ঠ নেতাৰ বিসম্বাদে অস্বস্তিত পেলাইছিল বিজেপি নেতৃত্বক। দলৰ বেয়া দিনত ৪ বাৰকৈ সাংসদ হোৱা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়েও ভোট কেন্দ্ৰতে বিদ্ৰোহ কৰিছিল দলৰ বিৰুদ্ধে। প্ৰাক্তন বিধায়ক অশোক শৰ্মাও বিসম্বাদৰ জুই জ্বলাইছিল ভোটকেন্দ্ৰতে।

ইয়াৰ মাজতে, বহু নেতাই দল ত্যাগ কৰিছে। সভাপতি ভবেশ কলিতা, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈ সুস্থিৰ কৰিব প্ৰয়াস কৰিছিল দলটো। বাহিৰত নেদেখুৱালেও ভিতৰি অস্থিৰ হৈছিল বিজেপি নেতৃত্ব। এনে সময়ত বহু পৰিবৰ্তন আহিল বিজেপিত।

লোকসভাত টিকট বঞ্চিত হৈছিল প্ৰাক্তন সাংসদ ৰমেন ডেকা, কুইন ওজাও। ভিতৰি বেথা থাকিলেও দল বিৰোধী কাৰ্যকলাপৰ পৰা বিৰত থাকিল ৰমেন ডেকা, কুইন ওজা। প্ৰাক্তন সভাপতি ৰমেন ডেকাই সন্মানজনক ভাৱে অৱসৰ কামনা কৰিছিল। যাৰ বাবে লোকসভাত টিকট বিচাৰিছিল। টিকটৰ বাবে ঘনে ঘনে দিল্লীলৈয়ো গৈছিল ডেকা। ইমানৰ পিছতো লোকসভাত টিকট বঞ্চিত হ’ল ৰমেন ডেকা। কিন্তু টিকট লাভৰ পৰা বঞ্চিত হ’লেও মুকলিকৈ অসন্তুষ্টি প্ৰকাশ নকৰিলে ৰমেন ডেকাই। বিসম্বাদৰ ঢৌত উটি নগল ডেকা। পৰিবৰ্তে দলে দিয়া দ্বায়িত্ব পালন কৰি গ’ল। সেই ৰমেন ডেকা আজি চট্টিশগড়ৰ ৰাজ্যপাল।

পিছে, বিসম্বাদ কৰা দুই জ্যেষ্ঠ নেতা ৰাজেন গোঁহাই, অশোক শৰ্মাৰ বিৰুদ্ধেও দ’লে গ্ৰহণ কৰা নাই কঠোৰ স্থিতি। বিপৰীতে সভাপতি ভবেশ কলিতাৰ অশোক শৰ্মা সন্দৰ্ভত মন্তব্য, ‘অশোক শৰ্মাক আমি Expelle কৰা নাই: ভবেশ কলিতা’

বিজেপিত এনেকুৱাই হয়। ন পুৰণিৰ কথা নাই। যোগ্য জনক উচিত স্থানত ৰখা হয়। সেইবাবেই হয়তো বিজেপিৰ টেগ লাইন, Party With Difference।

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *