ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ মনোনয়ন দাখিল সমাপ্ত
গুৱাহাটী লোকসভা সমষ্টিৰ বাবে মুঠ ১০ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন ——————————
মনোনয়নঅহা ৭ মে’ত অসমত অনুষ্ঠিত হ’ব তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন। তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব গুৱাহাটী লোকসভা সমষ্টিৰ ভোট গ্ৰহণ। ১৯ এপ্ৰিল আছিল মনোনয়নৰ অন্তিম দিন। সেই অনুসৰি ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ বাবে মুঠ ১০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। অন্তিমটো দিনত মুঠ ৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। আজি মনোনয়ন দাখিল কৰা প্ৰাৰ্থীকেইগৰাকী হৈছে- ভাৰতীয় জনতা পাৰ্টিৰ বিজুলী কলিতা মেধি, ভাৰতীয় গণ পৰিষদৰ সামাদ চৌধুৰী, বহুজন মহাপাৰ্টিৰ চেজন গয়াৰী আৰু ভাৰতীয় নেচনেল জনতা দলৰ নয়ন দাস । আটাইকেইগৰাকী প্ৰাৰ্থীয়ে কামৰূপ মহানগৰ জিলা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। ইতিপূৰ্বে মনোনয়ন পত্ৰ দাখিল কৰা আন ৬ গৰাকী প্ৰাৰ্থী হৈছে– ইণ্ডিয়ান নেচনেল কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী, একম সনাতন ভাৰত দলৰ অমিতাভ শৰ্মা, ভোটাৰচ পাৰ্টী ইন্টাৰনেচনেল দলৰ দীপক কুমাৰ বড়ো, নিৰ্দলীয় অৰ্পিতা চৌধুৰী, কাজি নেকিব আহমেদ আৰু কৰ্ণেল গোকুল চন্দ্ৰ সিংহ । কাইলৈ অৰ্থাৎ ২০ এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু অহা ২২ এপ্ৰিলৰ বিয়লি ৩ বজাৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব । উল্লেখযোগ্য যে আজি বিয়লি ৩ বজাত মনোনয়ন পত্ৰ দাখিল পৰ্ব সামৰণি পৰে।
