২০২৬ ত RSS ৰ নীতিত আগবাঢ়িব লাগিব বিজেপি!

২০২৬ ত কি হ’ব বিজেপিৰ? ২০২৬ ৰ বিধানসভা নিৰ্বাচনত অন্তকন্দলে বিপদ মাতিব নেকি বিজেপিত? কিয়নো অন্তকন্দলৰ সমাধান নহ’ল অসম বিজেপিত। অসম নেতৃত্বৰ পৰা কোনো সমাধান নাপালে অসন্তুষ্ট পুৰণি বিজেপি নেতা-কৰ্মীয়ে। যাৰ ফলত অন্য সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে বিজেপিৰ পুৰনি কাৰ্যকৰ্তাই। ন’ বিজেপিক তিলমানো সহ্য কৰিব পৰা নাই বিজেপিৰ পুৰনি নেতা কৰ্মীয়ে। যদিওবা ন’ বিজেপিৰ হাততে এতিয়া বিজেপিৰ শাসনৰ বাঘজৰী, তথাপিও অসন্তুষ্ট একাংশ পুৰনি নেতা-কাৰ্যকৰ্তা।

২০২৬ ত অসম বিজেপিৰ মিছন ১০০। কিয়নো যিকোনো নিৰ্বাচনত বিজেপি চলে টাৰ্গেট অনুসৰি। সেয়েহে, মুখ্যমন্ত্ৰী, সভাপতিৰ ঘোষনা, ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ টাৰ্গেট হ’ব ১০০। কিন্তু নেতৃত্বৰ এই মিছনত অংশীদাৰ হ’ব বিচৰা নাই বিজেপিৰ বিসম্বাদী শিবিৰ। ইয়াকে লৈ ভিতৰি বিসম্বাদ তুংগত কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতাই। বিসম্বাদৰ নেতৃত্বত ৰাজেন গোঁহাই, ৰমেন ডেকা, অশোক শৰ্মা, মৃনাল শইকীয়াৰ নাম ওলাইছে। এওঁলোক এতিয়া দিল্লীলৈ যাবলৈ সাঁজু হৈছে। অসম বিজেপিত বাৰম্বাৰ অভিযোগ দিয়ো উত্তৰ নাপাই দিল্লীত অভিযোগ দিছে বিজেপিৰ বিসম্বাদী শিবিৰে। বিজেপিৰ বিসম্বাদীৰ অভিযোগ অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে, “RSS ৰ কথামতে মুখ্যমন্ত্ৰীয়ে কাম নকৰাৰ অভিযোগ বিসম্বাদীৰ”। এই অভিযোগ ইতিমধ্যে দিল্লী পোৱাইছে বিজেপিৰ বিসম্বাদী নেতাই। পঞ্চায়ত নিৰ্বাচনৰ পৰাই নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে সাঁজু হৈছে বিসম্বাদী শিবিৰ।

 

 

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *