দৰমহা বাঢ়িব লাগে নে নালাগে?

এতিয়া দৰমহা বৃদ্ধিকলৈ চৰ্চা মন্ত্ৰী বিধায়কৰ মাজত।মন্ত্ৰী-বিধায়কৰ ৫০% দৰমহা বৃদ্ধি হোৱাৰ খবৰ ওলাইছে। কিয়নো বিগত ৬ বছৰে বঢ়া নাই অসমৰ মন্ত্ৰী বিধায়কৰ দৰমহা। ২০১৮ চনত শেষ বাৰৰ বাবে অসমত বৃদ্ধি হৈছিল বিধায়কৰ দৰমহা। এনেদৰেই এতিয়া বিধায়কৰ দৰমহাকলৈ চলিছে গৰম চৰ্চা। ইতিমধ্যে দৰমহাৰ বিষয়ত চাৰি জনীয়া কমিটি গঠন কৰিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে। এই চাৰি জনীয়া কমিটিয়ে সমগ্ৰ দেশৰ প্ৰতিখন ৰাজ্যৰ মন্ত্ৰী-বিধায়কে লাভ কৰা দৰমহা-ভাট্টাক লৈ ৰিপৰ্ট সংগ্ৰহ কৰিব। এই বিষয়ত পৰ্যালোচনা কৰি ৰিপৰ্ট দাখিল কৰিব লাগিব বিধানসভাত৷ এই কথা জনালে বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে। পিছে এই বানৰ সময়ত কোনো মন্ত্ৰী বিধায়কে দৰমহাৰ দাবী কৰা নাই বুলিও মন্তব্য নোমল মমিনৰ। দৰমহাৰ বিষয়টো সংবাদ মাধ্যমেহে উলিওৱা বুলিও অভিযোগ নোমল মমিনৰ। বিধায়কৰ দৰমহা সন্দৰ্ভত CPI(M) ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ মন্তব্য ”এতিয়া দৰমহা বৃদ্ধিৰ বিৰোধিতা কৰো ।বিধায়কৰ দৰমহা ঠিকেই আছে।” বিধায়ক সকল এতিয়া বানাক্ৰন্তৰ কাষতহে থাকিব লাগে বুলিও মন্তব্য বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। মনোৰঞ্জন তালুকদাৰে লগতে দাবী জনায় যে, বিধায়কৰ সৈতে থকা পিয়ন, PA, চালকৰো দৰমহা বৃদ্ধি হোৱা উচিত। কিয়নো তেওঁলোকক নুন্যতম মাননীহে দিয়া হয়।মনোৰঞ্জন তালুকদাৰৰ দৰে একেই মত পোষণ কৰিছে AIUDF ৰ বিধায়ক ৰফিকুল ইছলামে। বৰ্তমান বিধায়কৰ দৰমহা ৮০ হাজাৰ। ৮০ হাজাৰ দৰমহা কম নহয় বুলি মন্তব্য ৰফিকুল ইছলামৰ। ইফালে বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ মন্তব্য “দৰমহা বৃদ্ধিকলৈ কোনো নিৰ্দেশনা অহা নাই। এতিয়া আমি বান পৰিস্থিতিক লৈহে ব্যস্ত”

শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ দৰমহা বৃদ্ধি সন্দৰ্ভত মন্তব্য, “যদিহে মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধি হয়, তেন্তে অৰুনোদই, বৃদ্ধ পেঞ্চন, বিধবা পেঞ্চন, অংগনবাদী কৰ্মীৰো ভাট্টা বৃদ্ধি হ’ব লাগে”।

 

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *