লণ্ডনত ডা৹ মোহন ভাগৱত

আৰএছএছৰ সেৱাৰ এশ বছৰ সম্পূৰ্ণ

শতবৰ্ষ উপলক্ষে দেশৰ লগতে বিদেশতো বিভিন্ন কাৰ্যসূচী আয়োজিত কৰে সংঘই। লণ্ডনত সংঘই আয়োজন কৰা বিশেষ অনুস্থানত উপস্থিত থাকে সৰসংঘচালক ডা° মোহন ভাগৱত। এই ভ্ৰমণ সেৱা, সামাজিক সমৰসতা আৰু উমৈহতীয়া মূল্যবোধৰ ওপৰত আধাৰিত সভ্যতাগত সংলাপ দৰ্শনৰ শতবৰ্ষ উদযাপনৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি উল্লেখ সংঘৰ। আৰএছএছৰ ২০২৫-২৬ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি, সমগ্ৰ ভাৰতবৰ্ষত ১,৫২,০০০ তকৈ অধিক সেৱা কাৰ্যসূচী পৰিচালিত হৈছে; য’ত শিক্ষা, স্বাস্থ্য, সামাজিক কল্যাণ, স্বাৱলম্বন আৰু সামূহিক জীৱনৰ অন্যান্য ক্ষেত্ৰসমূহ অন্তৰ্ভুক্ত হৈছে। সমগ্ৰ দেশতে সংঘৰ ১৩৪,০০০ তকৈ অধিক নিয়মীয়া স্থানীয় বৈঠক অনুষ্ঠিত হয়, য’ত দৈনিক শাখা তথা সাপ্তাহিক আৰু মাহেকীয়া বৈঠকসমূহো অন্তৰ্ভুক্ত। শতবৰ্ষৰ কাৰ্যসূচীৰ অংশ হিচাবে আৰএছএছয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সম্প্ৰদায় আৰু প্ৰতিষ্ঠানসমূহৰ সৈতে সভ্যতাগত সংলাপৰ এক বিস্তৃত কাৰ্যসূচীৰ জৰিয়তে নিজৰ অভিজ্ঞতা বিনিময় কৰাৰ প্ৰয়াস কৰিছে। ডা: ভাগৱতে তিনিখন চহৰৰ শতবৰ্ষ সম্পৰ্কীয় কাৰ্যসূচীৰ অন্তিম পৰ্যায়ৰ অংশ হিচাপে ২ ছেপ্টেম্বৰত লণ্ডনত উপস্থিত হয়। এই ভ্ৰমণকালত ড° ভাগৱতে ধৰ্মগুৰু, শিক্ষাবিদ, গৱেষক আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে সাক্ষাৎ কৰিছে। সৰ্বধৰ্মীয় অংশগ্ৰহণৰ অংশ হিচাপে তেওঁ ৱিলেডেনস্থিত শ্ৰী স্বামীনাৰায়ণ মন্দিৰ আৰু খালসা জথ্ৰা ব্ৰিটিছ আইলছ গুৰদ্বাৰ পৰিদৰ্শন কৰিছে আৰু লণ্ডনৰ এটা জৈন মন্দিৰতো তেওঁৰ যোৱাৰ কাৰ্যসূচী আছে। আজি অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত ব্ৰিটেইনৰ বিভিন্ন প্ৰান্তৰ ৩১০ টাতকৈ অধিক সামূহিক সংগঠন আৰু সংঘই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
লণ্ডনৰ এই অনুষ্ঠানটোও ডা° মোহন ভাগৱতৰ নিউয়ৰ্ক তথা ট’ৰ’ণ্ট’ত বিশ্ব সম্প্ৰদায়ৰ সৈতে বিনিময় কৰা আৰএছএছৰ স্বাৰ্থহীন সেৱা আৰু সামাজিক সমৰসতাৰ অভিজ্ঞতা তথা ‘বসুধৈৱ কুটুম্বকম’ অৰ্থাৎ “বিশ্ব এক পৰিয়াল”ৰ সভ্যতাগত দৃষ্টিভংগীৰেই আন এক পৰৱৰ্তী পদক্ষেপ।

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *