CMAAA ৰ ধন সঠিক ব্যৱহাৰ কৰিব নাই নেকি একাংশ যুৱক যুৱতীয়ে?

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আচনিৰ ধন সঠিক ব্যৱহাৰ কৰিব নাই নেকি ৰাজ্যৰ একাংশ যুৱক যুৱতীয়ে? কিয়নো প্ৰথম ১ লাখ টকা লোৱাৰ পিছত দ্বিতীয় কিস্তি লবলৈ সক্ষম হোৱা নাই বহু যুৱক যুৱতী। এই অভিযোগ আমাৰ নহয়, স্বয়ং উদ্যোগ মন্ত্ৰী বিমল বড়াৰহে। বিপৰীতে, মহিলা উদ্যমিতা আঁচনিৰ ধন সঠিক ৰূপত ব্যৱহাৰ হোৱা বুলি মন্তব্য উদ্যোগ মন্ত্ৰী বড়াৰ। এই সন্দৰ্ভত এক সংবাদমেলত মন্তব্য কৰিছিল মন্ত্ৰী বিমল বড়াই।
মন্ত্ৰী বড়াৰ মন্তব্য, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, বিশ্বাসৰ আচঁনি। কিন্তু, এই আচনিৰ ধন সঠিক ব্যৱহাৰ কৰিব পৰা নাই বহু যুৱক যুৱতীয়ে! উপযুক্ত অৰ্হতাৰে CMAAA আচনিৰ সুবিধা লব পৰা নাই যুৱ উদ্যোগীয়ে। এনে হ’লে চৰকাৰে আন্তৰিকতাৰে আৰম্ভ কৰা আচনিখন বৰ্তি থাকিব নে? সংবাদমেলত উদ্বিগ্নতাৰে প্ৰশ্ন উদ্যোগ মন্ত্ৰী বিমল বড়াৰ। বহু যুৱক যুৱতীয়ে আচনিৰ ধন সফল ভাৱে ব্যৱহাৰ নকৰাৰ ফলত মাত্ৰ ৩২৯ গৰাকী উদ্যোগীয়েহে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ১৩.৫৪ কোটি টকা লাভ কৰিবলৈ সক্ষম হয়। সংবাদমেলত এই তথ্য প্ৰকাশ কৰি অসন্তুষ্টি প্ৰকাশ মন্ত্ৰী বিমল বড়াৰ। যাৰ বাবে, যুৱ উদ্যোগী সকলক দুগুণ উৎসাহেৰে কাম কৰিবলৈ আহ্বান মন্ত্ৰী বড়াৰ। মন্ত্ৰী বড়াৰ মন্তব্য:’CMAAA ৰ ধন সঠিক ভাবে ব্যৱহাৰ নহ’লে আৰ্থিক অনুদান লোৱা লোকৰ নাম বিহু কমিটিৰ গোহাৰিতো অন্তৰ্ভুক্ত নহ’ব’।

২০২৩ চনৰ ২৩ চেপ্তেম্বৰত আৰম্ভ হৈছিল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম। এই আচনি অনুসৰি চৰকাৰৰ লক্ষ্য আছিল ১ লাখ যুৱক যুৱতীক ২ লাখ কৈ টকা প্ৰদান কৰা ইযাৰে প্ৰথম কিস্তিৰ ধন লাভ কৰিছিল ২৫,২৭৭ গৰাকীয়ে দ্বিতীয় পৰ্য্যায়ৰ ধনৰাশি ১২,৩৩১ গৰাকীয়ে লাভ কৰিবলৈ সক্ষম হয়। CMAAA ৰ ২.০ ৰ বাবে ৭৪,৬৯৮ গৰাকীয়ে আবেদন জনায়। ৭৫ হাজাৰকৈ মুকলাই দিয়া হয় এই ৭৪,৬৯৮ গৰাকীলৈ। এই সমূহ নিৰ্বাচিত হিতাধিকাৰীৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে। ৩১ জুলাইত অন্ত পৰিব প্ৰশিক্ষণ। প্ৰশিক্ষণৰ অন্তত মুকলাই দিয়া হ’ব ২৫০০০ কৈ। আনহাতে, মহিলা উদ্যমিতা আঁচনিৰ ধন সঠিকভাৱে ব্যৱহাৰ হোৱাৰ কথাও উল্লেখ মন্ত্ৰী বড়াৰ। এনেদৰেই CMAAA ক লৈ উদ্বিগ্নতা প্ৰকাশ কৰা দেখা গ’ল উদ্যোগ মন্ত্ৰী বিমল বড়াক।

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *