অযোধ্যাৰ মূৰ্তি ভাগৰ দৰেই সাইলাখ বিষ্ণুৰ মূৰ্তি দূৱৰণীত
চলিত বিধানসভা অধিৱেশনত চতুৰ্থ শতিকাৰ কথা উল্লেখ কৰিছে বিধায়ক বিশ্বজিত ফুকনে। অসমীয়া ভাষাই ধ্ৰূপদী ভাষাৰ স্বীকৃতি লাভত এই শতিকাৰ শিলালিপিয়ে যথেষ্ট সমল দিয়াৰ কথা উল্লেখ বিধায়ক ফুকনৰ। ফুকনে উল্লেখ কৰে যে, দবকা ৰাজ্যত আছে বহুকেইখন শিলালিপি। আছে পৌৰাণিক কীৰ্তিচিহ্ন। এই পৌৰাণিক কীৰ্তিচিহ্ন ঐতিহাসিক সম্পদৰ বাবেই চহকী গোলাঘাট জিলাৰ সৰুপথাৰ। ইয়াৰ সভ্যতা প্ৰাক্ আহোম যুগৰ বুলি দাবী বিধায়ক ফুকনৰ। সৰুপথাৰৰ বিভিন্ন অঞ্চলত বৰ্তমানেও সিচঁৰতি হৈ আছে এটা জাতিৰ প্রাচীন ঐতিহ্য বহন কৰা বিভিন্ন পৌৰাণিক সমল। তাৰে ভিতৰত অন্যতম, বৰপথাৰ মৌজাৰ অন্তৰ্গত আলিছিঙা, টেঙানি,দুৱৰণি অঞ্চল। বৰ্তমানলৈকে এই আলিছিঙা দুৱৰণি অঞ্চলত উদ্ধাৰ হৈছে চতুর্থ- পঞ্চম শতিকাৰ বহু পৌৰাণিক সমল। তাৰে ভিতৰত অন্যতম হৈছে প্রাচীন শিলালিপি, স্তম্ভলিপি, পকী ঘৰ, পকী বেৰ, নাৰায়ন শংখ, সূর্য মূর্তি, বিষ্ণু মূর্তি, শিৱ মূর্তি, শিৱ লিংগ, শিলৰ ভাস্কর্য, সৰু বৰ পুখুৰী, গড়, খানা, পোৰা মাতিৰ লিপি যুক্ত মোহৰ লোহ, তাম, আৰু অন্যান্য ধাতুৰে নিৰ্মিত কাহী, গিলাচ, বাতি, হেতা ইত্যাদি। ১৯৮৪ চনতে অসম প্রত্নতত্ত্ব সঞ্চালকালয়ৰ বিষয়া ডঃ হেমেন্দ্রনাথ দত্ত নেতৃত্বত চলা খনন কাৰ্য্যত এই অঞ্চলৰ পৰা উদ্ধাৰ হৈছিল এটি পোৰা মাতি লিপিযুক্ত মোহৰ। উদ্ধাৰ হোৱা পোৰা মাতি লিপিযুক্ত মোহৰত শ্রী বৰ্সুন্ধৰ বৰ্মন নাম খোদিত হৈ আছে আৰু এই লিপি চতুর্থ- পঞ্চম শতিকাৰ বুলি গৱেষক সকলে ঠাৱৰ কৰিছে। উল্লেখ্য যে আলিছিঙা দুৱৰণি অঞ্চলত উদ্ধাৰ হোৱা পোৰা মাতি লিপিযুক্ত মোহৰতোৱেই হৈছে সেই সময়ত অসমৰ ভূখণ্ডত উদ্ধাৰ হোৱা প্রথম আৰু একমাত্র মাতিৰ মোহৰ। এই অঞ্চলত উদ্ধাৰ হোৱা পৌৰাণিক সমল সমূহৰ পৰা বৰ্মন বংশ ৰ কছাৰী ৰজাই ৰাজত্ব কৰিছিল বুলি উমান পোৱা যায়। এই আলিছিঙা দুৱৰণিৰ প্রত্নতাত্ত্বিক স্থানতেই আছে মুখামুখিকৈ থকা দুটা বৃহৎ আকাৰৰ পুখুৰী। পুখুৰী দুটা ইংৰাজীত ইউ( U) আকৃতিৰ। এইখিনিতে উল্লেখ কৰিব লাগিব যে এই অঞ্চলত কোৰ বা চিপৰাঙেৰে অকমান মাটি খান্দিলেই বহল বহল ইটাৰ ভগ্নাৱশেষ যিকোনো স্থানত পোৱা যায় বুলি সকলোৱে বিশ্বাস কৰে। এতিয়াও এই অঞ্চলত সিচঁৰতি হৈ আছে বহু পৌৰাণিক সম্পদ।
এই দূৱৰণিতে সূৰ্যৰ মূৰ্তি পোৱাৰ কথাও উল্লেখ বিধায়ক ফুকনৰ। সূৰ্য মূৰ্তিৰ লগত সূৰ্যৰ দুই পত্নী সন্ধ্যা আৰু চায়াৰ মূৰ্তিও পোৱা গৈছে। দূৱৰণীৰ বিষ্ণু মূৰ্তিৰ আকাৰ ৰাম মন্দিৰৰ মূল মূৰ্তি ভাগৰ দৰেই। সদনত ফুকনৰ দাবী দূৱৰণী অঞ্চলত গৱেষণাৰ যথেষ্ট সমল আছে।
ফুকনৰ এই দাবীৰ পিছতে বিশ্ববিদ্যালয় সমূহলৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ আহ্বান, দবকা ৰাজ্যৰ সন্দৰ্ভত যেন অধ্যয়ন কৰে। লগতে, কামৰূপ, কমতাপুৰ, কছাৰী ৰাজ্য সন্দৰ্ভতো অধ্যয়নৰ আহ্বান মন্ত্ৰী পেগুৰ।