মোৰ বিয়াত মাই কন্দা নাছিল!
বিয়া বুলিলেই প্ৰতিগৰাকী ছোৱালী, মাতৃৰ হৃদয় অজানা দুখত কাতৰ হয়। মোৰো তেনেকুৱাই হৈছিল।
আমাৰ ওচৰৰ গাঁওখনত এটা বেণ্ড পাৰ্টি আছিল। বিয়াৰ সময়ত তেওঁলোকে আমাৰ ঘৰৰ ওচৰতে থকা তিনি আলিটোতে প্ৰেক্টিচ কৰিছিল। সেই সময়খিনিত বুকুত অবুজ বেদনাই দোলা দিছিল। মা আৰু মই সেই সময়ত বাইদেউলৈ মনত পেলাই খুব কান্দিছিলো। কান্দি কান্দি মায়ে কৈছিল, “তোকো যে দিব লাগিব এদিন….”
উফ!! সেই মুহূৰ্তত বুকুখন বিষাই গৈছিল। তাৰমাজতে মায়ে কৈছিল, মোৰ হেনো বিয়া দেৰিকৈ হ’ব। যি গৰাকী জ্যোতিষীয়ে মোৰ কোষ্টিখন বনাইছিল তেৱেঁই হেনো কৈছিল। মাৰ মুখত সেইষাৰ শুনি বৰ আনন্দ পাইছিলোঁ।
বাইদেউ সৰুতে বিয়া হৈছিল। মানে ১৮ বছৰ হোৱা পাছতে তাইৰ বিয়া হৈছিল। তাৰ পাছত সময় বাগৰিল….। উপযুক্ত সময়ত এদিন মোৰো বিয়া ঠিক হ’ল। পঢ়া শুনা শেষ কৰিয়েই মহানগৰীলৈ আহিলো কিবা এটা কৰিবলৈ। গতিকে মই ঘৰত নথকাৰ সময়তে বিয়া ঠিক হ’ল। মোৰ সুবিধা মতেই দুয়োখন ঘৰে বিয়াৰ তাৰিখ ঠিক কৰিলে।
বিয়াৰ ঠিক আগে আগে চুটি লৈ ঘৰলৈ গলো। সেইকেইদিন সময়বোৰ খুব খৰকৈ পাৰ হৈছিল।
বিয়াৰ আগদিনা মা, বাইদেউ, বৌ, মই একেলগে শুইছিলো মাটিত বিচনা পাৰি। মই মাৰ কাষতে শুইছিলো, কিন্তু বৌৱে দাবী কৰিলে, মই তেওঁৰ কাষতহে শুব লাগে বুলি। সেই নিশা তেনেদৰেই পাৰ হৈছিল…..
লাহে লাহে বিয়াৰ নীতি-নিয়ম শেষ হ’ল। কইনা বিদায়ৰ মূহুৰ্ত। সেই মুহূৰ্তত মই মাক বিচাৰি পোৱা নাই। ইটো কোঠা, সিটো কোঠা বিচাৰি দেখিলো মা আমি শুৱা কোঠাটোৰ বিচনাত বহি আছে অকলশৰে। দুৱাৰ মুখৰ পৰাই মই চিঞৰি উঠিছিলো…”মা মই যাওঁ, মোক বিদায় নিদিয়’ নে!?”
মা তেতিয়াও এটা প্ৰস্তৰ মূৰ্তিৰ দৰে বহি আছিল। মই বহুবাৰ চিঞৰিলো….”মা মই যাওঁ”। অৱশেষত মাৰ মুখৰ পৰা নিগৰি আহিল কেইটামান শব্দ…”যা, ভালকৈ থাকিবি। সেইখন ঘৰৰ মৰ্যদা ৰাখিবি।” সেই মুহূৰ্তত যেন সৰগ ভাঙি পৰিছিল মোৰ মূৰত। মাক সাবটি চিঞৰি চিঞৰি কান্দিলো, কিন্তু মাই নাকান্দিলে….মাথো মোক বাহিৰলৈ উলিয়াই আনিলে। তাৰ পাছত ক’ব নোৱাৰাকৈয়ে মানুহজনৰ ঘৰ সোমালো। নতুন ঘৰখনত ঘৰৰ পৰা অনা সামগ্ৰীবোৰ ঠিকঠাক কৰি থকাৰ মাজতে বাইদেউৱে কৈছিল…”কালি ৰাতি মাই নুশুলেই জান’। কম্বলৰ তলত মুখ লুকুৱাই কান্দিয়ে থাকিল।”
সেই যে বাইদেউৱে কোৱা বাক্য কেইটা….! আজিও মোক অস্থিৰ কৰি তোলে বাইদেউৰ সেই কথা কেইটাই….!!!