JP Nadda ৰ অসম ভ্ৰমণ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা দুদিনীয়া ভ্ৰমণ সূচীৰে মঙলবাৰে অসমত উপস্থিত হয়। মঙলবাৰৰ নিশা গুৱাহাটীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত অসম বিজেপি নেতৃত্বৰে বাৰ্তালাপ কৰে। ইয়াৰ পাছতে, বুধবাৰে পুৱা তেজপুৰ অভিমুখে যাত্ৰা কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকী।
তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান ভ্ৰমণ আৰু পৰিদৰ্শনৰ সময়তে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিষ্ঠানটোৰ নতুন পুথিভঁৰাল আৰু তথ্য বিজ্ঞান কেন্দ্ৰ উদ্বোধন কৰে। প্ৰতিষ্ঠানটোৰ লক্ষ্যণীয় বিকাশ সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰি মন্ত্ৰী নাড্ডাই উত্তৰ-পূব আৰু সামগ্ৰিকভাৱে দেশক ভালদৰে সেৱা আগবঢ়াবলৈ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহত অধিক ছুপাৰ স্পেচিয়েলিটি বিভাগ প্ৰৱৰ্তনৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। নাড্ডাই LGBRIMH ৰ ব’ৰ্ড অৱ গভৰ্ণৰছৰ বৈঠকতো অংশগ্ৰহণ কৰে। তেওঁৰ সৈতে এই ভ্ৰমণকালত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল থাকে।
তেজপুৰৰ পাছতে, নাড্ডাই দৰং জিলাৰ মঙলদৈত ‘জিলা অসামৰিক চিকিৎসালয়’ৰ ৫০খন বিচনাযুক্ত অত্যাধুনিক ক্ৰিটিকেল কেয়াৰ ব্লক (চিচিবি)ৰ আধাৰশিলা স্থাপন কৰে। ২৩.৭৫ কোটি টকাৰ আৰ্থিক সাহায্যৰে নিৰ্মাণ হ’বলগীয়া চিকিৎসালয় খনৰ অত্যাধুনিক ক্ৰিটিকেল কেয়াৰ ব্লকৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পিছত ই অসমৰ জনসাধাৰণৰ উন্নত স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰাত সহায় কৰিব বুলি দাবী জে পি নাড্ডাৰ।
দৰং জিলাৰ কৰ্কট চিকিৎসালয়ত চলি থকা চিকিৎসা ব্যৱস্থাৰো বুজ লয় কেন্দ্ৰীয়। লগতে টাটা ট্ৰাষ্টৰ অধীনত নিৰ্মিত কেন্সাৰ কেয়াৰ প্ৰজেক্টো পৰিদৰ্শন কৰে। এই প্ৰতিষ্ঠানটো পৰিদৰ্শন কৰি তেওঁ মন্তব্য কৰে, “পূৰ্বে কেন্সাৰৰ চিকিৎসাৰ বাবে মানুহ ৰাজ্যৰ বাহিৰলৈ যাবলগীয়া হৈছিল, কিন্তু এতিয়া, দৰঙৰ ৰাইজে ইয়াতেই ঘৰৰ কাষতে চিকিৎসা লাভ কৰিব পাৰিছে।”
শেষত, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এইমছ, গুৱাহাটী পৰিদৰ্শন কৰি প্ৰতিষ্ঠানটোৰ কামৰ অগ্ৰগতিৰ বুজ লয় জে পি নাড্ডাই।নাড্ডাই AIIMS, Guwahati ৰ চৌহদত গছপুলিও ৰোপণ কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনৰ সময়ত এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ড০ অশোক পুৰাণিকৰ লগতে প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ সদস্যসকল উপস্থিত থাকে।