Advantage Assam 2.0

দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে অসম হৈছে ভাৰতৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ অংশ৷ ইয়াৰ ফলত চুবুৰীয়া দেশসমূহৰ অসমত বিনিয়োগৰ পূৰ্ণ সম্ভাৱনা আছে। যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে অনুষ্ঠিত কৰি আহিছে Advantage Assam। ২০২৫ বৰ্ষৰ Advantage Assam 2.0 ফেব্ৰুৱাৰীৰ ২৫ আৰু ২৬ তাৰিখত অনুষ্ঠিত হ’ব। এই উপলক্ষে মুম্বাই আৰু দিল্লীত ৰোডশ্ব’ অনুষ্ঠিত কৰা হয়। ৰোডশ্ব’ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ৰোডশ্ব’ৰ জৰিয়তে অসমত বিনিয়োগৰ সম্ভাৱনা সন্দৰ্ভত বহুল প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত দেশ বিদেশৰ বিনিয়োগকাৰী উপস্থিত থাকে। মুম্বাইত ৪ আৰু ৫ জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই Tata Group, Mahindra Group, Adani Group, Larsen & Toubro, D-Mart, Essel Group, Welspun Group, and Piramal Group ৰ শীৰ্ষ বিষয়ববীয়াৰে অসমত বিনিয়োগৰ সম্ভাৱনা সন্দৰ্ভত বিস্তৃত ভাৱে আলোচনা কৰে।
আনহাতে, নতুন দিল্লীত অনুষ্ঠিত ৰোডশ্ব’ত ৩৭খনতকৈও অধিক দেশৰ ৰাষ্ট্ৰদূত আৰু বাণিজ্য-প্ৰতিনিধিসকলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। লগতে অসমত বিশাল বিনিয়োগৰ সম্ভাৱনাৰ দিশত আলোকপাত কৰে। এই উদ্যোগ সমূহক Advantage Assam ত যোগদান কৰিবলৈ আহ্বান জনায় অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।