দিছপুৰত নাথাকিব ACS বিষয়া!


ACS শূণ্য হ’ব জনতা ভৱন!
মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ACS বিষয়া সন্দৰ্ভত।কিয় ACS বিষয়া নাথাকিব জনতা ভৱনত?
প্ৰকৃততে ২০২৩ বৰ্ষৰ চেপ্তেম্বৰ মাহত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি ৰাজ্যত গঠন হ’ব ৭৯ খন উপ-জিলা। উপ-জিলা গঠনৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে কাম আৰম্ভ কৰিছে। কামকাজ খৰতকিয়া কৰাৰ কথা আছিল যদিও, লোকসভা নিৰ্বাচনৰ বাবে স্তব্ধ হৈছিল উপ-জিলা গঠনৰ কাম। এতিয়া পুনৰ উপ জিলাৰ কামকাজ হাতত লৈছে ৰাজ্য চৰকাৰে। উপ জিলাৰ কামকাজ পৰিচালনাৰ বাবেই জিলাই জিলাই বদলি হ’ব ACS বিষয়া। কিয়নো গুৱাহাটীৰ বাহিৰে, আন কোনো জিলাত উপ-জিলাৰ কামকাজ আৰম্ভ হোৱা নাই। আনহাতে, সৰহসংখ্যক উপ-জিলা গঠনৰ বাবে চৰকাৰে পোৱা নাই ভূমি! সেই বাবে চৰকাৰে উপ-জিলাৰ বাবে পুজিও আৱন্তন কৰা নাই। কিন্তু, উপ-জিলা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আন এক সিদ্ধান্ত

ৰাজ্যত উপ-জিলা গঠনৰ অনুশীলন হ’ব গুৱাহাটীৰ উপ-জিলাত: মুখ্যমন্ত্ৰী
আগষ্ট মাহৰ ভিতৰত গুৱাহাটীত সম্পূৰ্ণ হ’ব উপ-জিলাৰ কাম: মুখ্যমন্ত্ৰী
২০২৫-২৬ ৰ ভিতৰত সম্পূৰ্ণ হ’ব অসমৰ উপ-জিলাৰ কামকাজ: মুখ্যমন্ত্ৰী
সংবাদ মাধ্যমক এই কথা জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।
গুৱাহাটীৰ চাৰি উপ-জিলাৰ বাহিৰে আন ৭৫ খন উপ-জিলাত দ্বায়িত্বৰ বাবেই দিছপুৰৰ পৰা লৈ যোৱা হ’ব ACS বিষয়া সকলক। কিয়নো একোখন উপ-জিলাত প্ৰয়োজন হ’ব অতি কমেও  দুগৰাকী ACS বিষয়া। এগৰাকী উপ-আয়ুক্ত,এগৰাকী সহকাৰী উপ-আয়ুক্ত। তেনে ক্ষেত্ৰত গুৱাহাটীৰ বাহিৰৰ ৭৫ খন উপ জিলা সম্ভালিবলৈ, অসম চৰকাৰক প্ৰয়োজন হ’ব ১৫০ গৰাকী ACS বিষয়া। যাৰ ফলত, জনতা ভৱনৰ ACS বিষয়া সকলক হয়তো অতিশীঘ্ৰে বদলিৰ নিৰ্দেশ দিব চৰকাৰে। পিছে কি হ’ব দিছপুৰত? কেৱল জ্যেষ্ঠ বিষয়াই চলাব পাৰিব নে জনতা ভৱনৰ কামকাজ? উত্তৰৰ বাবে সময়লৈ বাট চাব লাগিব।

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *