Advantage Assam 2.0

অসম চৰকাৰে আয়োজন কৰা Advantage Assam 2.0 ৰ আজি সামৰণি পৰে। এডভান্টেজ আছাম 2.0 ত অংশীদ্বাৰিত্ব আগবঢ়ায় বহুকেইখন খন ৰাষ্ট্ৰই। সেয়া হৈছে ভূটান, জাপান, অষ্ট্ৰেলিয়া, চিংগাপুৰ, থাইলেণ্ড, মালায়াছিয়া। ইয়াৰে জাপান, চিংগাপুৰ আৰু মালায়াছিয়াই অসমত বিনিয়োগৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। জাপানে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে ১৫ ৰো অধিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ লগতে অসমৰ পৰা মানৱ সম্পদ নিয়াৰ বাবেও জাপানে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। একেদৰে চিংগাপুৰেও মানৱ সম্পদ সন্দৰ্ভত অসম চৰকাৰৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। ভূটানৰ সৈতে অসমৰ উদ্যোগ-বানিজ্য ক্ষেত্ৰ সন্দৰ্ভত গভীৰ ভাৱে আলোচনা হয় Advantage Assam 2.0 ত। ইয়াৰ লগতে, দেশৰ শীৰ্ষ উদ্যোগপতিসকলো আগবাঢ়ি আহিছে অসমত বৃহৎ পৰিমাণৰ বিনিয়োগৰ বাবে।

এডভান্টেজ আছাম ২.০ ৰ প্ৰদৰ্শনীত অসমৰ বিভিন্ন ক্ষেত্ৰৰ উদ্ভাৱন শক্তি প্ৰদৰ্শন কৰা হয়। এই সমূহে আকৰ্ষণ কৰে বিদেশী বিনিয়োগকাৰী সকলক। Advantage Assam 2.0 ত বৃহৎ উদ্যোগৰ ক্ষেত্ৰতে নহয়, ক্ষুদ্ৰ, মজলীয়া উদ্যোগ সমূহৰো বুজাবুজি চুক্তিত স্বাক্ষৰ হয়। মুঠ ৬ লাখ কোটিৰ বুজাবুজি চুক্তি স্বাক্ষৰ হয় যদিও অসম চৰকাৰে 2.5 লাখ কোটিতে সীমাবদ্ধ থকাৰ সম্ভাৱনা আছে।

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *