ৰতন টাটাৰ অন্তৰংগ বন্ধু জন

বন্ধুত্ব এনে এটা সম্পৰ্ক, যিটো ব্ৰহ্মাণ্ডৰ আটাইতকৈ পবিত্ৰ আৰু বিশ্বাসী। বন্ধুত্ব যিকোনো বয়সৰ দুজন ব্যক্তিৰ মাজত গঢ় লৈ উঠিব পাৰে। আজি তেনে এক পবিত্ৰ বন্ধুত্বৰ কথা ক’বলৈ বিচাৰিছো….
সকলোৱে জানে, বিশ্ব বিখ্যাত উদ্যোগপতি ৰতন টাটাৰ জীৱন কাহিনী। তাৰে এটা কাহিনী আছে বন্ধুত্বৰ। সমগ্ৰ দেশৰ বাসিন্দাই তেওঁৰ বন্ধু। কিন্তু তাৰো মাজত আছিল এগৰাকী অন্তৰংগ বন্ধু।
ৰতন টাটাৰ এই অন্তৰংগ বন্ধু জনৰ বয়স কিমান জানেনে! মাত্ৰ ৩১ বছৰ। তেওঁৰ নাম সান্তনু নাইডু। সান্তনু নাইডুৰ জন্ম পুনেত। আচলতে সান্তনু আছিল ৰতন টাটাৰ সহায়ক। সেই আপাহতে, সান্তনু আপোনতকৈয়ো আপোন হৈ পৰিছিল ৰতন টাটাৰ। এই আপোনত্বৰ ফলতেই দুয়োৰে মাজত গঢ় লৈ উঠিছিল বন্ধুত্ব। ৰতন টাটাৰে সান্তনুৰ বন্ধুত্বই গাঢ় ৰূপ লৈছিল। ৩১ বছৰীয়া সান্তনু ৰতন টাটাৰ সৈতে চাঁ টোৰ দৰে আছিল। প্ৰতিটো কথাৰ খেয়াল ৰাখিছিল। উচ্ছ শিক্ষাৰে শিক্ষিত সান্তনুৱে ৰতন টাটাৰ মনৰ খবৰ ৰাখিছিল। সেইবাবেই হয়তো ৰতন টাটাই সান্তনুৰ ওচৰত সকলো বিচাৰি পাইছিল। নিচিন্ত মনে দিনবোৰ পাৰ কৰিব পাৰিছিল। আন এটা কথা, সান্তনু একাধাৰে লিখক, সমাজ সেৱক, অভিযন্তা। বন্ধুৰ মৃত্যুত অকলশৰীয়া হৈ পৰিছে সান্তনু নাইডু।