ৰতন টাটাৰ সপোনৰ প্ৰকল্প স্থাপন অসমত!

দেশৰ প্ৰতিজন লোকৰ অন্তৰত স্থান পাইছিল বিখ্যাত উদ্যোগপতি ৰতন টাটাই। সেই ৰতন টাটাৰ মৃত্যুত ব্যথিত দেশবাসী। অসমক ৰতন টাটাই কি দি গ’ল….!
আছলতে অসমৰ সৈতে ৰতন টাটাৰ আছিল নিবিড় সম্পৰ্ক। ITI, কেন্সাৰ হাস্পতালৰ পৰা ছেমিকণ্ডাক্টৰ প্ৰকল্পলৈ, অসমলৈ ৰতন টাটাৰ অৱদান আছিল অনেক।
অসম চৰকাৰে ৰতন টাটালৈ আগবঢ়াইছিল প্ৰথম সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা। ২০২১ ত অসম বৈভৱ সন্মান আগবঢ়োৱা হৈছিল মানৱ দৰদী, বিখ্যাত উদ্যোগপতি ৰতন টাটালৈ। বঁটা গ্ৰহণৰ বাবে অসমলৈ আহিব পৰা নাছিল টাটা। তেওঁৰ মুম্বাইৰ বাসগৃহলৈ গৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই প্ৰদান কৰিছিল অসম বৈভৱ বঁটা।
এইগৰাকী মহান উদ্যোগপতিয়ে অসমত ৩৪খন পলিটেকনিক, ৪৩খন ITI উৎকৃষ্ট ৰূপত গঢ়াৰো দায়িত্ব লৈছিল। কাৰিকৰী শিক্ষাৰ বাবে অসমত ২,৩৯০ কোটি টকাৰ ৮৭% বিনিয়োগ কৰিছিল প্ৰয়াত উদ্যোগপতিগৰাকীয়ে। ২০২২ৰ ৩ মে’ত অসম চৰকাৰৰে চুক্তি কৰিছিল ৰতন টাটাই। অসমত প্ৰতিবছৰে ২০ হাজাৰ নিবনুৱাক সংস্থাপনৰ লক্ষ্য আছিল ৰতন টাটাৰ।
অসমৰ স্বাস্থ্যখণ্ডৰ বাবেও ৰতন টাটাৰ অৱদান অপৰিসীম। ৰতন টাটাৰ উদ্যোগত অসমত একাধিক কেঞ্চাৰ হাস্পতাল স্থাপন হৈছিল। অসমত কেঞ্চাৰ হাস্পতাল স্থাপনৰ বাবে ২০১৮ত চুক্তি কৰিছিল টাটা ট্ৰাষ্টে। ২০২২ৰ ২৮ এপ্ৰিলত ডিব্ৰুগড়ত নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল টাটা ট্ৰাষ্টে নিৰ্মাণ কৰা ৬খনকৈ অত্যাধুনিক কেন্সাৰ হাস্পতাল।
ৰতন টাটাৰ সপোনৰ প্ৰকল্প আছিল জাগীৰোডৰ ‘ছেমিকণ্ডাক্টৰ প্ৰকল্প’। ২৭,০০০ কোটি টকাৰ প্ৰকল্পটো সম্পূৰ্ণ হ’লে সলনি হ’ব অসমৰ প্ৰেক্ষাপট। এই প্ৰকল্পৰ বাবে অসমৰ ১,৫০০ যুৱক-যুৱতীক ইতিমধ্যে প্ৰশিক্ষণ দিছে টাটা গ্ৰুপে। ২০২৫ চনত কাৰ্যক্ষম হ’ব ৰতন টাটাৰ সপোনৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প।