২৫ জুনত ‘সংবিধান হত্যা দিৱস!’

ভাৰত চৰকাৰে প্ৰতি বছৰে ২৫ জুন তাৰিখটো ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে। ১৯৭৫ চনৰ ২৫ জুনত তদানীন্তন প্ৰধানমন্ত্ৰীয়ে একনায়কত্ববাদ চলাই দেশত জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ অভিযোগ বিজেপিৰ। এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ X ৰ জৰিয়তে কয় যে, “জৰুৰীকালীন অৱস্থাত দেশৰ গনতন্ত্ৰৰ আত্মাক চেপি ধৰে। দেশৰ লাখ লাখ লোকক কোনো কাৰণ নোহোৱাকৈ জেলত ভৰাই সংবাদ মাধ্যমৰো কণ্ঠ দমন কৰিছিল।” সেইবাবে প্ৰতি বছৰৰ ২৫ জুনত সংবিধান হত্যা দিৱস’ হিচাপে পালনৰ সিদ্ধান্ত মোডী চৰকাৰৰ। প্ৰতি বছৰৰ ২৫ জুনত, ১৯৭৫ চনত জৰুৰীকালীন অৱস্থাত অমানৱীয় যন্ত্ৰণা সহ্য কৰা সকলোৰে অপৰিসীম অৱদানক স্মৰণ কৰা হ’ব বুলি উল্লেখ কৰে। ‘সংবিধান হত্যা দিৱস’ই গণতন্ত্ৰ ৰক্ষাৰ বাবে কাম কৰিব বুলিও উল্লেখ কৰে অমিত শ্বাহে।