২০২৭ ত আমেৰিকাত Road Show কৰিব অসম চৰকাৰে!

Advantage Assam 2.0 ৰ সমাপ্তিৰ পিছতে হোটেল ৰেডিছন ব্লুত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত Advantage Assam 2.0 খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্য “এডভাণ্টেজ আছাম ২.০ৰ যোগেদি অসমত উদ্যোগিক বিকাশৰ পৰিৱেশ এটা আহিছে। আগন্তুক ৪ বছৰ নিৰন্তৰ কাম কৰিলে ২০২৫ ৰ Advantage Assam 2.0 সফল হ’ব। প্ৰতি ৪ বছৰৰ মূৰে মূৰে এডভাণ্টেজ আছাম আয়োজন কৰাৰ হ’ব। এডভাণ্টেজ আছাম ৩.০ আয়োজন কৰাৰ সময়ত অসম দেশৰ আগশাৰীৰ উদ্যোগিক ৰাজ্যলৈ পৰিণত হ’ব আশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্যোগপতি সকলক অসমত বিনিয়োগ কৰিবলৈ যিদৰে আহ্বান জনালে সেয়া বিৰল।” ইয়াৰ বাবে প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা মুখ্যমন্ত্ৰীৰ।এডভাণ্টেজ আছাম ২.০ সফল কৰাৰ ক্ষেত্ৰত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে যিদৰে বিদেশী ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলক লগত লৈ নেতৃত্ব দিলে তাৰ বাবে কৃতজ্ঞতা জনাইছো: মুখ্যমন্ত্ৰী। এডভাণ্টেজ আছাম ২.০ত সহযোগ কৰা অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকলকো কৃতজ্ঞতা মুখ্যমন্ত্ৰীৰ।
এই সন্মিলনখন অনুষ্ঠিত হোৱাৰ পূৰ্বে দেশত ২৪০ খন B2G (Business to Government Summit) বৈঠক অনুষ্ঠিত কৰিছিল। আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈছিল ১৮০ খন বৈঠক। এডভাণ্টেজ আছাম ২.০ত ১,১০০ আন্ত:ৰাষ্ট্ৰীয় প্ৰতিনিধি প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে জড়িত হৈছিল। মুঠ ৬২ টা Diplomatic Mission জড়িত হৈছিল Advantage Assam 2.0 ত। দেশৰ সৰ্বমুঠ ৮ হাজাৰ উদ্যমীয়ে এই এডভাণ্টেজ আছাম ২.০ত অংশগ্ৰহণ কৰে। মহানগৰীৰ খানাপাৰাত ৮২,৭০০ বৰ্গফুট এলেকাত এই সন্মিলনখন অনুষ্ঠিত হ’ল। মুঠ ২০০ খন বিপনীয়ে প্ৰদৰ্শনীত অংশ লৈছিল।প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা ষ্টাৰ্টআপ সমূহৰ উদ্ভাৱনক প্ৰশংসা মুখ্যমন্ত্ৰীৰ।
৯ খন ৰাষ্ট্ৰই সহযোগী ৰাষ্ট্ৰ হিচাপে এডভাণ্টেজ আছাম ২.০ত অংশগ্ৰহণ কৰিছিল। ইউৰোপৰ পৰা ৩৩, এছিয়াৰ পৰা ১২০, আফ্ৰিকাৰ পৰা ২২ গৰাকী আন্ত:ৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। ২০২৭ত আমেৰিকাত বিনিয়োগ সন্দৰ্ভত এক ৰোড শ্ব’ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰীৰ।
Advantage Assam 2.0 ৰ ঘোষণাসমূহ
নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো প্ৰকল্পৰ বাবে ১২ হাজাৰ কোটি টকা ঘোষণা
গুৱাহাটী ৰেল ষ্টেচনৰ উন্নীতকৰণৰ বাবে ৩০০ কোটি টকা ঘোষণা
অশ্বিনী বৈষ্ণৱে মুঠ ৭,২০০ কোটি টকা ঘোষণা কৰে
জ্যোতিৰাদিত্য সিন্ধিয়াই ১,২০০ কোটি টকা ঘোষণা কৰে
হৰদ্বীপ সিং পুৰীয়ে ঘোষণা কৰে ১,৫০০ কোটি টকা
সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে ৪,৮০০ কোটি টকা
মুকেশ আম্বানীয়ে ৫০ হাজাৰ কোটি টকা ঘোষণা কৰাটো অতি গুৰুত্বপূৰ্ণ
ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ ঘোষণা,
কাৰ্বি আংলঙত শীঘ্ৰে NIPER প্ৰকল্পৰ বাবে ৰিলায়েন্সক ভূমি আবণ্টন দিব চৰকাৰে।
গুৱাহাটীত এখন Seven Star অবেৰয় হোটেল নিৰ্মাণ কৰিব ৰিলায়েন্সে।
শুৱালকুছিৰ বস্ত্ৰ উদ্যোগক বিশ্ব দৰবাৰত লৈ যোৱাৰ বাবে ৰিলায়েন্স গ্ৰুপে কাম কৰিব। কিন্তু ব্যৱসায়িক ক্ষেত্ৰত নহয়।
টাটা গ্ৰুপে জাগীৰোডৰ চেমি কণ্ডাক্টৰৰ সমান্তৰালকৈ ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাণৰ এক প্ৰকল্পও অসমত কৰিব বিচাৰিছে।
৩০ হাজাৰ কোটিৰে হ’ব এই প্ৰকল্প।
শক্তি ক্ষেত্ৰত আন ৩০ হাজাৰ কোটিৰ বিনিয়োগৰ ঘোষণা।
অসমত টাটাই নিৰ্মাণ কৰিব টাজ হোটেল।
বেদান্ত গ্ৰুপৰ অনিল আগৰৱালাই ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব।
হাইড্ৰ’কাৰ্বন ক্ষেত্ৰত ৮৫,০০০ কোটি টকাৰ বিনিয়োগ হ’ব অসমত।
ইয়াৰ ফলত অসমত ITI পঢ়া হাজাৰ হাজাৰ ল’ৰা-ছোৱালীয়ে সংস্থাপন পাব।
গৌতম আদানীয়েও ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব।
আদানী গ্ৰুপৰ কাম ইতিমধ্যে অসমত চলি আছে।
আদানী গ্ৰুপে এয়াৰপৰ্টৰ লগতে এৰ’চিটী নিৰ্মাণৰ কথা ঘোষণা কৰিছে।
সেয়ে গুৱাহাটীত এৰ’চিটী নিৰ্মাণ কৰিব পাৰিলে বহু ক্ষেত্ৰত সুবিধা হ’ব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য।
প্ৰতিৰক্ষা, পথ, চিমেণ্ট ক্ষেত্ৰতো কাম কৰিব আদানী গ্ৰুপে।
এডভাণ্টেজ আছাম ২.০ত সৰ্বমুঠ ৫ লাখ ১৮ হাজাৰ ২৯৫ কোটি টকাৰ বিনিয়োগৰ আশ্বাস দিয়া হৈছে।
অহা ৫ বছৰত অসমত তৃতীয় বৃহৎ চিমেণ্ট উৎপাদনকাৰী ৰাজ্য হ’ব।
অসমৰ বাঁহক ভালকৈ প্ৰয়োগ কৰিব পাৰিলে Green Energyৰ ক্ষেত্ৰখনত সেউজ অৰ্থনীতি গঢ় লৈ উঠিব।
তেল আৰু গেছৰ ক্ষেত্ৰখনত যিদৰে ৮৫ হাজাৰ কোটি টকা বিনিয়োগৰ কথা কোৱা হৈছে সেয়া যদি সম্ভৱ হয় তেন্তে অসমৰ GDP দুগুণ হ’ব।
এডভাণ্টেজ আছাম ২.০ত ৫ লাখ ১৮ হাজাৰ ২৯৫ কোটিৰ বিনিয়োগ সঁচাকৈ হ’লে অসমত ২ লক্ষাধিক চাকৰি মুকলি হ’ব।
গুৱাহাটীক Medical Hub হিচাপে গঢ় দিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।
মেদান্টা গ্ৰুপে ৫০০ খন বিচনাযুক্ত চুপাৰস্পেচিয়েলিটি হাস্পতাল, ২০০ খন বিচনাযুক্ত শিশু-মাতৃ হাস্পতাল আৰু এখন Lemon Tree হোটেল স্থাপনৰ পোষকতা কৰিছে।
ইয়াৰ ফলত যকৃৎ সংৰোপনৰ বাবে হায়দৰাবাদ, বেংগালুৰু যাব নালাগে ৰোগীসকলে।
লীলাৱতী হাস্পতালেও আমেৰিকাৰ এটা প্ৰতিষ্ঠানৰে লগ হৈ গুৱাহাটীত কেন্সাৰ হাস্পতাল স্থাপনৰ পোষকতা কৰিছে।
হেল্থ চিটীয়ে অসমত আয়ুৰ্বেদিক হাস্পতাল স্থাপন কৰিব বিচাৰিছে।
এডভাণ্টেজ আছাম ২.০ত মুঠ ৪৫ খন Non Financial MoU স্বাক্ষৰিত হৈছে।
এডভাণ্টেজ আছাম ২.০ৰ যোগেদি অসমত প্ৰথমবাৰৰ বাবে কেইবাখনো আন্ত:ৰাষ্ট্ৰীয় বিনিয়োগৰ বুজাবুজি চুক্তি হৈছে। এই চুক্তিসমূহৰ ৭০ শতাংশও যদি পূৰ্ণ হয় তেতিয়া হ’লে অসম বহুদূৰ আগুৱাই যাব। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে উলিয়ালে টুইন টাৱাৰ কথা। টুইন টাৱাৰ নহ’ল বুলি বহুতেই চৰকাৰক প্ৰশ্ন কৰিছে, সমালোচনা কৰিছে। অসমত যে ৮০০ কোটি খৰচ কৰি টুইন টাৱাৰ এটা হৈ আছে তাৰ খবৰ কোনে ৰাখিছে? বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। ইতিমধ্যে টুইন টাৱাৰৰ ৬০ শতাংশ কামো সম্পূৰ্ণ হৈছে বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ। অসমত ASRLMৰ যোগেদি ৪০ লাখ মহিলাই কাম কৰি আছে। তেওঁলোকক কেঁচামাল যোগান ধৰিব পাৰিলে অসমতে বহু উদ্যোগ গঢ় লৈ উঠিব। সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰীৰ।