সমষ্টি হেৰাল, গুৰুত্ব নোহোৱা হ’ল অগপ বিধায়কৰ!

সমষ্টি হেৰাল, গুৰুত্ব নোহোৱা হ’ল। এইবাৰ নামো কটা গ’ল চৰকাৰী অনুষ্ঠানৰ পৰা। মুখ্যমন্ত্ৰীৰ বিকাশৰ ১২ দিনৰ অনুষ্ঠানত স্থান নাই নাম কটা যোৱা আমগুৰি সমষ্টিৰ অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ। আছে নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, শিৱসাগৰৰ বিধায়ক অখিল গগৈ, আনকি প্ৰাক্তন বিজেপি বিধায়ক কুশল দুৱৰীৰ নাম।সেই বাবে অসম গণ পৰিষদৰ কাৰ্যকৰ্তাৰ প্ৰশ্ন, “গুৰুত্বহীন হ’ল নেকি অগপৰ বিধায়ক প্ৰদীপ হাজৰিকা?” দেওবাৰে শিৱসাগৰত অনুষ্ঠিত হয় বিকাশৰ ১২ দিনৰ অনুষ্ঠান। এই কাৰ্যসূচীত কেইবাটাও বিধানসভা সমষ্টিৰ নাম আছে। নাম নাই আমগুৰি সমষ্টিৰ। হয়তো সমষ্টি পুনৰ নিৰ্ধাৰণত আমগুৰি কটা যোৱা বাবেই স্থান লাভ কৰা নাই বিকাশৰ ১২ দিনৰ অনুষ্ঠানত। পিছে প্ৰদীপ হাজৰিকা বিজেপিৰ মিত্ৰদলৰ বিধায়ক। অগপৰ প্ৰতিষ্ঠাপক নেতা প্ৰদীপ হাজৰিকা। কেবিনেট ৰেংকো আছে প্ৰদীপ হাজৰিকাৰ। সেই গৰাকী প্ৰদীপ হাজৰিকাৰ নাম চৰকাৰী অনুষ্ঠানত স্থান নোপোৱাত মুখ উলিয়াব নোৱাৰা হৈছে আমগুৰিৰ অগপ কৰ্মী।আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, বিকাশৰ ১২ দিনৰ শিৱসাগৰৰ অনুষ্ঠানত নাম আছে দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ, অখিল গগৈৰ। বিজেপিৰ বিধায়ক সকলৰ লগতে, বিৰোধী বিধায়কৰো স্থান আছে বিকাশৰ এদিনৰ অনুষ্ঠানত, পিছে মিত্ৰদলৰ বিধায়কৰ বিধায়কে স্থান লাভ নকৰাটোৱে কি বাৰ্তা সূচাইছে, সময়তহে জানিব পৰা যাব। কিন্তু ইয়াতো এটা কথা, বিজ্ঞাপনত অসম চৰকাৰৰ পৰা স্পষ্টকৈ লিখিছে নতুন বিধানসভা সমষ্টিতহে হ’ব বিকাশৰ ১২ দিন। ‘২৬ ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ কেনেদৰে পুনৰ নিৰ্ধাৰণ হোৱা নতুন সমষ্টিতহে আয়োজন হব বিকাশৰ ১২ দিন? প্ৰশ্ন সমষ্টিবাসীৰ মনত।