সপোন সপোন লগা কথাবোৰ…

মা আৰু মই সন্ধিয়া চোতালত বহি থাকো। কোনেও একো নকও। নিৰৱ নিস্তব্ধ সন্ধিয়া। মাই কি ভাৱে, মই কি ভাৱো কোনেও নাজানো। সেইসময়ত চোতালৰ মধুৰী জোপাৰ পাতবোৰ ফিৰফিৰীয়া বতাহত কপি থকা শুনা নুশুনা শব্দ…গোহালিত গৰু কেইটাৰ ঘাহঁ পাগুলিয়াই থকাৰ শব্দ মাথো। মাজে মাজে পুখুৰীত মাছ জপিওৱাৰ শব্দ। বাৰিষাৰ সময় যে, পানীৰে উপচি আছে পুখুৰীটো। নতুনকৈ মাছৰ পোনা দিয়া হৈছে। যোৱাটো বছৰৰো আছে মাছ কেইটামান। সেইবোৰেই জোনাক নিশা জপিয়াই আছে…..

ভাত সন্ধিয়াতে ৰন্ধা হয়। ভাত আঞ্জা ৰন্ধা হোৱাৰ পাছত লাইট নুমুৱাই জোনাক নিশা চোতালত এনেদৰেই বহি থাকো মা আৰু মই। আমি বহি থাকো, কোনেও কাকো একো নকও। আমি কিবা ভাৱত বিভোৰ হৈ থাকোঁতেই জোনটো আহি চোতালৰ আগৰ নাৰিকল জোপাত আৰ হৈ যায়। ঠিক সেই সময়তে, গোসাঁই ঘৰৰ চাকি গছৰ শলিতা ডাল পুৰি শেষ হোৱাৰ ধুনীয়া গোন্ধটোও উৰি আহে বতাহত….এনে সুখত বিভোৰ হৈ থাকোঁতেই দাদাৰ চেন্দেলৰ শব্দ। দাদা আহি চোতাল পাই মানে আমাৰ ভাৱত যতি….মা মই চিধা গৈ পাকঘৰত সোমাই ভাত বঢ়াৰ আয়োজন কৰো….

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *