শীৰ্ষত মন্ত্ৰী পীযুষ হাজৰিকা

লোকসভাত মন্ত্ৰীৰ ভোটৰ পৰিসংখ্যা!লোকসভাৰ ফলাফলত কোন মন্ত্ৰী মুখ্যমন্ত্ৰীৰ Good Book ত থাকিল?কোন মন্ত্ৰীয়ে লোকসভাত অধিক ভোট দি শীৰ্ষত থাকিল? ইয়াকে লৈ চলিছে আলোচনা। নিৰ্বাচনৰ পূৰ্বে প্ৰতিগৰাকী মন্ত্ৰীকে নিজৰ নিজৰ সমষ্টিৰ দায়িত্ব লবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। পিছে, কোন মন্ত্ৰীয়ে পালন কৰিলে নিজৰ দ্বায়িত্ব? কোন মন্ত্ৰী পিছ পৰি ৰ’ল? BJP ৰ লগতে অগপ, UPPL ৰ মন্ত্ৰীয়ে ভোট দিব পাৰিল নে লোকসভাত?

বিজেপিৰ কোন বুথত কিমান ভোট লাভ কৰিছে, তাৰ চৰ্চা চলি থকাৰ মাজতে এনেদৰে কোন মন্ত্ৰীয়ে কিমান ভোট দিলে সেই চৰ্চাও চৰিছে। মুঠতে হিচাপ নিকাচ সকলো পৰ্যায়তে চলিছে। চৰ্চাৰ শীৰ্ষত আছে মন্ত্ৰী পীযুষ হাজৰিকা। তালিকাৰ একেবাৰে তলত UPPL ৰ মন্ত্ৰী UG ব্ৰহ্ম।

চৰ্চাত থকা ডিব্ৰুগড় সমষ্টিত সৰ্বানন্দ সোণোৱালৰ বাবে মন্ত্ৰী বিমল বৰাই টিংখঙত দিলে ১৭,৬৮১টা ভোটৰ অগ্ৰগতি। বিমল বৰাক সৰ্বানন্দ সোণোৱালৰ খাছ বুলি জনা যায়। সেই অনুসৰি বিমল বৰাই দিয়া ভোট সন্তোষজনক নহয়। আনহাতে, আনজন মন্ত্ৰী সঞ্জয় কিষাণে তিনিচুকীয়াত দিলে ৫৬,৯১৩টা ভোটৰ অগ্ৰগতি।

আনহাতে, কাজিৰঙা সমষ্টিত আছিল ৩ জনকৈ মন্ত্ৰী। কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই দিলে ৬৪,১২১টা ভোটৰ অগ্ৰগতি। বোকাখাটত মন্ত্ৰী অতুল বৰাই ৩৫,০৭০টা ভোট আৰু গোলাঘাটত মন্ত্ৰী অজন্তা নেওগে ১৯,৫৬৫টা ভোটৰ অগ্ৰগতি দিলে কামাখ্যা প্ৰসাদ তাছাক। মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰাৰ তুলনাত অজন্তা নেওঁগৰ পাৰ্ফমেঞ্চ সন্তোষজনক নহয়। আনহাতে, মন্ত্ৰী অশোক সিংঘলে শোণিতপুৰ সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তক দিলে ৬৪,৯৯৪ টা ভোটৰ অগ্ৰগতি। অশোক সিংঘলৰ এই অগ্ৰগতি আছিল ঢেকীয়াজুলিৰ পৰা। পিছে, লখিমপুৰত মন্ত্ৰী ৰণোজ পেগুৰ পাৰ্ফমেঞ্চ ঠিক নহল। ধেমাজিৰ পৰা প্ৰদান বৰুৱাক ৰণোজ পেগুৱে দিলে মাত্ৰ ২২,৬৪৩টা ভোটৰ অগ্ৰগতি। বৰপেটাতো আছিল তিনিজন মন্ত্ৰী। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নলবাৰীত ৫৬,১৭২টা, মন্ত্ৰী ৰণজিত কুমাৰ দাসে বজালীৰ পৰা ৪১,৬২৯টা ভোট আৰু টিহুত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৩৩,৭৭২টা ভোটৰ অগ্ৰগতি দিলে অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক। কাৰ্বি পাহাৰৰ অমৰ সিং টিছুক হাফলঙৰ পৰা নন্দিতা গাৰ্লোচাই দিলে ২৪,৩৯৭টা ভোটৰ অগ্ৰগতি। আনহাতে, বাক্সাত মন্ত্ৰী ইউ জি ব্ৰহ্মই মাত্ৰ ৪,২৭৮টা ভোটৰ হে অগ্ৰগতি দিলে জয়ন্ত বসুমতাৰীক। ইফালে নিজৰ বাবে পৰিমল শুক্লবৈদ্যই ধলাইত ললে ৬১,০৬২টা ভোটৰ অগ্ৰগতি। মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীত অগ্ৰগতি ৫৫,৬৫০টা ভোটৰ। ইয়াৰ মাজতে, বিজেপিয়ে হিচাপত নধৰা নগাঁও সমষ্টিত জাগীৰোড সমষ্টিৰ পৰা ৭৬,৮০০টা ভোটৰ শীৰ্ষত থাকিল থাকিল মন্ত্ৰী পীযুষ হাজৰিকা। যোৰহাট সমষ্টিত বিজেপিৰ তপন কুমাৰ গগৈক জয়ী কৰাব নোৱাৰা বুলি ককৰ্থনাৰ সন্মুখীন হৈছিল মন্ত্ৰী পীযুষ হাজৰিকা। কিন্তু নিজৰ জাগীৰোড সমষ্টিত সৰ্বাধিক ভোট গোটাই শীৰ্ষত থাকিল বাকপতু মন্ত্ৰী পীযুষ হাজৰিকা।

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *