‘মাৰ নামত এজোপা গছ’

ৰাজনীতি নহয়, এইবাৰ বিজেপিত আৰম্ভ হৈছে সামাজিক আন্দোলন। বিভিন্ন কাৰ্যসূচীৰে জনতাৰ কাষত থাকিব বিজেপি। বিজেপিৰ সামাজিক আন্দোলনৰ নাম ‘মাৰ নামত এজোপা গছ’। শনিবাৰৰ পৰা বিজেপিয়ে আৰম্ভ কৰিব এই আন্দোলন। নিজৰ মাতৃৰ দৰেই গছ এজোপাকো প্ৰতিপালন কৰিব লাগিব বিজেপিৰ কাৰ্যকৰ্তাই। কাৰ্যকৰ্তাক গছ প্ৰতিপালনৰ আহ্বান সভাপতি ভবেশ কলিতাৰ। কিছুদিন পূৰ্বে বাজপেয়ী ভৱনত অনুষ্ঠিত এক অনুষ্ঠানৰ ভাষনত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে, বিজেপিয়ে কেৱল নিৰ্বাচনত জয়লাভ কৰিবলৈ ৰাজনীতি কৰা নাই। জনসাধাৰণৰ মাজত থাকি, জনসাধাৰণৰ হৈ কাম কৰাৰ বাবে বিজেপিয়ে ৰাজনীতি কৰিছে। এই নীতিতে আগবঢ়া বিজেপিয়ে সেইবাবেই হয়তো হাতত লৈছে, মাতৃৰ নামত এজোপা গছ ৰোপণৰ দৰে কাৰ্যসূচী। পিছে, ৰোপন কাৰ্যসূচীৰ পাছত পুলি সমূহ জীয়াই থাকিবনে? এই সন্দৰ্ভত ভবেশ কলিতাৰ মন্তব্য, সকলোৱে নিজে ৰোৱা পুলিটোৰ দ্বায়িত্ব ল’ব লাগিব। আনহাতে, ১০ জুলাইত বিজেপিৰ কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। কাৰ্যনিৰ্বাহকতে পৰ্যালোচনা হ’ব সকলো বিষয়ত। কাৰ্যনিৰ্বাহকত লোকসভাৰ নীৰিক্ষকৰ ৰিপৰ্টৰো হ’ব পৰ্যালোচনা। অশোক শৰ্মাৰ পৰা মৃনাল শইকীয়াৰ বিষয়লৈয়ো হ’ব পৰ্যালোচনা। সংবাদ মাধ্যমক এই কথা জনালে সভাপতি ভবেশ কলিতাই। এতিয়া ১০ জুলাইৰ কাৰ্যনিৰ্বাহকলৈ অপেক্ষা বিজেপিৰ কাৰ্যকৰ্তাৰ।

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *