মঠাউৰি চিগিলে ব্যৰ্থ অনুভৱ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই!

ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে ধেমাজি জিলাৰ জোনাই আৰু মাজুলী জিলাৰ লুইত খাবলুত ব্ৰহ্মপুত্ৰ আৰু সোঁৱণশিৰিৰ মথাউৰি নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে। মন্ত্ৰী হাজৰীকাই প্ৰথমে জোনাইৰ কেৰকেৰৰ পৰা বৰঙলৈ জলসম্পদ বিভাগে প্ৰায় ৪১.২৫ কোটি টকাৰ বাজেটেৰে ১৫ কিল’মিটাৰ সম্প্ৰসাৰণ কৰিবলগা ব্ৰহ্মপুত্ৰৰ নতুন মথাউৰিৰ কামৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। পূৰ্বে কেইবাবাৰো অঞ্চলটো ভ্ৰমণ কৰা জলসম্পদ মন্ত্ৰীগৰাকীয়ে বিগত সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই বুধবাৰে মথাউৰিটোৰ সম্প্ৰসাৰণৰ কামৰ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত বাকী থকা অংশটোৰো মথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য পীযুষ হাজৰীকাৰ। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে ‘বানৰ সময়ত যেতিয়া ৰাইজে সমস্যাৰ সন্মুখীন হ’ব লগা হয় বা মথাউৰি বিচ্ছিন্ন হয় তেতিয়া বিভাগীয় মন্ত্ৰী হিচাপে তেওঁ অত্যন্ত ব্যৰ্থ অনুভৱ কৰে’। বিগত ৩ টা বছৰে ধেমাজিবাসী পূৰ্বৰ দৰে বাৰিষা আন অঞ্চলৰ পৰা বিচ্ছিন্ন হ’ব লগীয়া হোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে দাবী কৰে।

ইয়াৰ পাছত জোনাইৰ পৰা জলসম্পদ মন্ত্ৰীগৰাকীয়ে ঢকুৱাখনা হৈ মাজুলীলৈ যাত্ৰা কৰে আৰু মাজুলীৰ লুইত খাবলু অঞ্চলত সোঁৱণশিৰি নদীৰ পাৰত নতুনকৈ নিৰ্মাণ কৰিব লগীয়া প্ৰায় ১৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ শুভাৰম্ভ কৰে। এই উপলক্ষে স্থানীয় ৰাইজক উদ্দেশ্যি ৰখা বক্তব্যত মন্ত্ৰী হাজৰীকাই কয় যে বিগত লোকসভা নিৰ্বাচনত তেওঁ দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই লুইত খাবলুত সোঁৱণশিৰি নদীৰ পাৰত ২৪ কোটি টকাৰ ব্যয়েৰে ১৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছে। যোৱাটো বাৰিষাত মাজুলীৰ যুগুণীধাৰীত ব্ৰহ্মপুত্ৰৰ মথাউৰি বিচ্ছিন্ন হোৱাৰ সময়ত জলসম্পদ বিভাগে দিনে ৰাতিয়ে কাম কৰি মথাউৰি মেৰামতি কৰা বুলি দাবী কৰি মন্ত্ৰী হাজৰীকাই কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনৰ আন্তৰিকতা থকাৰ বাবেহে মাজুলীত চিঙাৰ মাথো ২০/২২ টা দিনৰ ভিতৰতে বিভাগে ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ মেৰামতি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে।

 

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *