বিজেপিৰ লোকসভাৰ হিচাপ শেষ হোৱা নাই !

লোকসভাত একক ভাৱে ৯ আসন লাভ কৰিলেও যোৰহাটৰ ফলাফলে হতাশ কৰিছে বিজেপিক। সেইবাবেই মণ্ঠনৰ পিছত মণ্ঠন হৈছে বিজেপিৰ ভিতৰচৰাত। কিছুদিন পূৰ্বে অনুষ্ঠিত বৰ্ধিত বিষয়ববীয়া সভাত প্ৰতিখন জিলাৰ বিজেপি সভাপতিয়ে দাখিল কৰিছিল লোকসভাৰ প্ৰতিবেদন। সেই প্ৰতিবেদনৰ ভিত্তিতে ৰাজ্যিক নেতৃত্বই নিয়োগ কৰিছে পৰ্যবেক্ষক। ১৪ সমষ্টিত নিযুক্তি দিয়া হৈছে ২৮ পৰ্যবেক্ষক। প্ৰতিটো সমষ্টিত থাকিব দুজনকৈ পৰ্যবেক্ষক। ডিডিব্ৰুগড়ত অশোক ভট্টৰায়, কামাখ্যা মোহন দাস। যোৰহাটত নৱ কুমাৰ দলে, দীপ্লুৰঞ্জন শৰ্মা। লখিমপুৰত পল্লৱলোচন দাস, ভবেন শৰ্মা। শোনিতপুৰত মনোজ বৰুৱা, ৰূপম গোস্বামী। নগাঁৱত অজয় কোঁৱৰ, পুলক গোহাঁই। কাজিৰঙাত তপন কুমাৰ গগৈ, প্ৰদীপ ঠাকুৰীয়া। ডিফুত ৰাজ কুমাৰ শৰ্মা, মুকুতা ডেকা। গুৱাহাটীত ৰাজদ্বীপ ৰয়, ঋতুবৰন শৰ্মা। বৰপেটাত জয়ন্ত কুমাৰ দাস, জগদীশ দত্ত। ধুবুৰীত টিনামনি দৈমাৰী, শান্তিয়াছ কুজুৰ। দৰং-ওদালগুৰিত বিকুল ডেকা, অপৰাজিতা ভূঞা। কোকৰাঝাৰত ৰেখা ৰাণী দাস বড়ো, অশ্বিনী ৰায় সৰকাৰ। শিলচৰত বিজয় কুমাৰ গুপ্তা, বিশ্বৰূপ ভট্টাচাৰ্য। কৰিমগঞ্জত কাণাড পুৰকায়স্থ, সুশান্ত বিশ্বাসক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। পৰ্যবেক্ষক সকলে মণ্ডল, বুথ, জিলা পৰ্যায়ত বৈঠক অনুষ্ঠিত কৰিব লাগিব। মতবিনিময় কৰিব লাগিব সকলো স্তৰৰ মানুহৰে। লোকসভাৰ ফলাফল সন্দৰ্ভত সবিস্তাৰে প্ৰস্তুত কৰিব লাগিব প্ৰতিবেদন। সেই প্ৰতিবেদন ৩ ৰ পৰা ৫ জুলাইৰ ভিতৰত দাখিল কৰিব লাগিব নেতৃত্বক। সেই প্ৰতিবেদনৰ ভিত্তিতে পুনৰ চৰ্চা কৰিব ৰাজ্যিক নেতৃত্বই। কাৰণ সেই প্ৰতিবেদনৰ ভিত্তিতেই বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰিব বিজেপিয়ে।
