বিজেপিৰ কেইবাটাও মৰ্চাৰ সভাপতিয়ে এৰিব লাগিব পদ!

বিজেপিৰ সংগঠন পৰ্বত কেইবাটাও নতুন নিয়ম কৰা হ’ল। ইয়াৰ ভিতৰত জিলা সভাপতি, ৰাজ্যিক সভাপতিয়ে খেলিব নোৱাৰিব বিধানসভাৰ নিৰ্বাচন। তেনেস্থলত মৰ্চাৰ সভাপতিৰ ক্ষেত্ৰতো একেই নিয়ম হ’ব পাৰে। যাৰ বাবে নিৰ্বাচন খেলাৰ মন থকা মৰ্চাৰ সভাপতিয়েও এৰিব লাগিব পদ। কাৰণ বিজেপিৰ নীতিৰ কিছু সাল সলনি হৈছে। কঠোৰ হৈছে হাইকামাণ্ড। সেইবাবে, যদি ৰাজ্যিক সভাপতিয়ে ‘২৬ ত নিৰ্বাচন খেলিব নোৱাৰে, তেন্তে সেই নিয়ম মৰ্চাৰ সভাপতিৰ ক্ষেত্ৰতো নিৰ্ধাৰণ হোৱাৰ সম্ভাৱনা আছে। যাৰ ফলত বহুকেইগৰাকী মৰ্চাৰ সভাপতিয়ে এৰিব লাগিব পদ। কিয়নো, তেওঁলোকে নিৰ্বাচন খেলাৰ সংকল্প লৈছে ২০২৬ ত। মৰ্চাৰ কোন কোন সভাপতিৰ নিৰ্বাচন খেলিবৰ মন? ইয়াৰ ভিতৰত অনুসূচীত জাতি মৰ্চাৰ সভানেত্ৰী মুন স্বৰ্ণকাৰৰ হাইলাকান্দিৰ পৰা নিৰ্বাচন খেলাৰ মন। মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বনিয়াৰ নিৰ্বাচন খেলাৰ মন বিহালীৰ পৰা। ইফালে, কিষান মৰ্চাৰ সভাপতি উৎপল বৰাই পুনৰ গহপুৰৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিছে। OBC মৰ্চাৰ সভাপতি অশ্বিনী ৰায় চৰকাৰে গোলোকগঞ্জৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিছে। ST মৰ্চাৰ সভাপতি শিৱনাথ ব্ৰহ্মৰ মানাহ সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ মন।
গতিকে, এইসকল মৰ্চাৰ সভাপতিয়ে নিৰ্বাচন খেলিলে এৰিব লাগিব সভাপতিৰ পদ। কিয়নো, জিলা আৰু ৰাজ্যিক সভাপতিয়ে নিৰ্বাচন খেলিব নোৱাৰিব ২০২৬ ত। তেনেদৰেই, মৰ্চাৰ সভাপতিৰ ক্ষেত্ৰতো যদিহে নিয়ম বান্ধি দিয়া হয় তেন্তে এই সকল মৰ্চাৰ সভাপতিয়ে এৰিব লাগিব পদ। অৱশ্যে সকলো নিৰ্ভৰ কৰিব হাইকামাণ্ডৰ সিদ্ধান্তৰ ওপৰত।