“পিতা-পুত্ৰৰ সন্মান ৰক্ষাৰ যুঁজ চামগুৰিত!”

ৰাজ্যত এইবাৰৰ উপ-নিৰ্বাচনৰ পৰিবেশ অন্য ধৰণৰ আছিল। অসমত পূৰ্বে নঘটা পৰিবেশ সৃষ্টি হৈছিল উপ-নিৰ্বাচনত। প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ পৰা প্ৰচাৰ অভিযানলৈ, সকলো দিশতে এইবাৰৰ উপ-নিৰ্বাচন আছিল বেলেগ ধৰণৰ। এইবাৰৰ পৰিবেশে ৰাইজ দিছিল চিন্তাৰ খোৰাক। আনহাতে, বিহালীৰ দৰেই চামগুৰিতো সন্মান ৰক্ষাৰ যুঁজত নামিছিল শাসক বিৰোধী। চামগুৰি আছিল ৰকিবুল হুছেইনৰ দুৰ্গ। কিন্তু ৰকিবুলৰ দুৰ্গ খহাবলৈ চামগুৰিত নামিছিল শাসক পক্ষ। শৰাইঘাটৰ শেষ ৰণৰ দৰে, বিজেপিয়ে চামগুৰিত দিপ্লুৰঞ্জন শৰ্মাক জয়ী কৰোৱাবলৈ নমাইছিল ৰথী-মহাৰথী।
বিজেপিৰ কোন যোৱা নাছিল দিপ্লুৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰ চলাবলৈ! সভাপতিৰ পৰা পাৱাৰফুল মিনিষ্টাৰলৈ, মৰ্চা সমূহৰ বিষয়ববীয়াৰ পৰা প্ৰাথমিক কাৰ্যকৰ্তালৈ…. বিজেপিৰ সকলো নামি পৰিছিল চামগুৰিত। মুঠতে
“এইবাৰ ৰকিবুলৰ দুৰ্গ খহাব বিজেপিয়ে!”
এনে প্ৰচাৰৰ মাজতে হিংসাত্মক পৰিবেশ চামগুৰিত। প্ৰথমাৱস্থাতে কংগ্ৰেছীৰ সমৰ্থকৰ আক্ৰমণত মৃত্যু হৈছিল বিজেপি কৰ্মীৰ। সেই পৰিস্থিতিৰ সাম নাকাটিল। ভঙা ভঙি হ’ল কংগ্ৰেছৰো গাড়ী। পিছে, ৰকিবুল হুছেইনো পিছ পৰা বিধৰ নহয়। পুত্ৰৰ ৰাজনৈতিক কেৰিয়াৰ বাবে যোৰদাৰকৈ প্ৰচাৰ চলাইছিল নিৰ্বাচনৰ। বিজেপিৰ চক্ৰান্তৰ পৰা ভোটাৰৰ মন ঘুৰাবলৈ সকলো কৰিছিল ৰকিবুল হুছেইনে। কাৰণ
“পিতা-পুত্ৰৰ সন্মান ৰক্ষাৰ যুঁজ চলিছে চামগুৰিত!”
সদৌ শেষত, ৰকিবুল হুছেইনৰ বিজেপিৰ বিৰুদ্ধে, ৰিগিংৰো অভিযোগ আছিল। অৱশ্যে, চামগুৰিত কাৰ সন্মান ৰক্ষা হয় ২৩ নৱেম্বৰৰ ফলাফলতহে ওলাব।