পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব নে!

সৰু বৰ প্ৰতিটো ৰাজনৈতিক দলে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি সাঁজু হৈছে পঞ্চায়ত নিৰ্বাচনলৈ। বিজেপি মিত্ৰজোঁট ইতিমধ্যে সাঁজু হৈছে মনোনয়ন দাখিল কৰিবলৈ। কিন্তু কংগ্ৰেছৰ হৈছে কি? বৰ্তমানলৈয়ো কংগ্ৰেছে প্ৰকাশ কৰিব পৰা নাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা। বিপৰীতে মাৰ পিটতহে ব্যস্ত কংগ্ৰেছৰ একাংশ!
কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচন খেলিব নে?
এই প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যৰ ৰাজনীতিত। কিয়নো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰক কংগ্ৰেছেই হেচা দিছিল। আনকি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰিলে আদালতৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ দিছিল কংগ্ৰেছ নেতৃত্বই। পিছে, সেই কংগ্ৰেছৰেই এতিয়া খবৰ নোহোৱা হৈছে পঞ্চায়ত নিৰ্বাচনলৈ! আনটো নালাগে, জিলা আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীয়ে কংগ্ৰেছে ঠিৰাং কৰিব পৰা নাই বুলি খবৰ ওলাইছে ৰাজ্যৰ ৰাজনীতিত।
ইয়াৰ বিপৰীতে, বিজেপিয়ে ইতিমধ্যে প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা। বিজেপিয়ে জিলা পৰিষদৰ মুঠ ৩৯৭ খন আসনৰ ৩২৩ খনতে প্ৰাৰ্থী ঘোষণা কৰিছে। বাকী ৭৪ খন আসন ভগাই দিয়া হৈছে মিত্ৰদলৰ মাজত। সেই অনুসৰি অগপ, ৰাভা হাছং যৌথ মঞ্চ আৰু গনশক্তিক আন ৭৪ খন আসন ভগাই দিয়া হৈছে। AIUDF য়ো সাঁজু হৈছে পঞ্চায়ত নিৰ্বাচনলৈ। ২৫ টা বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব আগবাঢ়াব AIUDF এ। কিন্তু কংগ্ৰেছে বৰ্তমানলৈয়ো প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিব পৰা নাই বুলি খবৰ ওলাইছে। ইতিমধ্যে বিভিন্ন স্থানত প্ৰাৰ্থীত্ব কেন্দ্ৰিক হিংসাৰহে বাতৰি আহিছে কংগ্ৰেছ কৰ্মী সন্দৰ্ভত। পিছে সভাপতি ভূপেন বৰাই সংবাদমেলত ঘোষণা কৰিলে, কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনৰ দ্বায়িত্ব দিছে জিলা সমিতি সমূহক।
১১ এপ্ৰিলত মনোনয়নৰ অন্তিম দিন। ১৭ এপ্ৰিলত নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব মনোনয়ন দাখিল কৰা চূড়ান্ত প্ৰাৰ্থীৰ নাম। সেইদিনাহে গম পোৱা যাব কংগ্ৰেছে কিমান প্ৰাৰ্থী দিলে পঞ্চায়ত নিৰ্বাচনত।