দৃষ্টি ৰাজখোৱাই বিজেপিত যোগদান কৰিব!

আলফা নেতা দৃষ্টি ৰাজখোৱাক নিশ্চয় মনত আছে। এসময়ৰ দুৰ্ধৰ্ষ আলফা নেতা গৰাকী পুনৰ চৰ্চাত। কিয়নো, অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ অহা আলফা নেতা গৰাকী আকৰ্ষিত হৈছে ৰাষ্ট্ৰীয়তাবাদত। নিৰবে ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দলৰ হৈ কাম কৰি আহিছে দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই। আপোনাৰ মনত হয়তো প্ৰশ্ন জাগিছে,

কোন দলত যোগদান কৰিব দৃষ্টি ৰাজখোৱাই?

আচলতে, বহুদিনৰ পৰাই বিজেপিৰ হৈ কাম কৰি আহিছে আলফা নেতা গৰাকীয়ে। কিন্তু আনুষ্ঠানিক ভাৱে বৰ্তমানেও বিজেপিত যোগদান কৰা নাই দৃষ্টি ৰাজখোৱাই। জানিব পৰা মতে, ‘২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বৰ পৰাই গোৱালপাৰা জিলাৰ গাৰো অধ্যুষিত অঞ্চলসমূহত বিজেপিৰ হৈ কাম কৰি আহিছে আলফা নেতা দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই। আলফাৰ শীৰ্ষ নেতৃত্বৰ পৰা সেউজ সংকেত লাভ কৰাৰ পাছতেই বিজেপিৰ হৈ গাৰো অধ্যুষিত অঞ্চলত কাম আৰম্ভ কৰিছিল দৃষ্টি ৰাজখোৱাই। বিগত লোকসভা নিৰ্বাচনতো গাৰো অধ্যুষিত অঞ্চলত বিজেপিৰ হৈ কাম কৰিছিল প্ৰাক্তন আলফা নেতা গৰাকীয়ে। ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হোৱা ৰাজখোৱাৰ, গাৰো লোকসকলৰ সৈতে বিপ্লৱ কৰি থকাৰ সময়ৰ পৰাই গাঢ় সম্পৰ্ক। সেই সুবাদতে উন্নয়নৰ পৰা বঞ্চিত গাৰো লোকসকলক চৰকাৰী সা-সুবিধা দিবলৈ বিজেপিৰ হৈ কাম কৰি আহিছে বুলি জানিব পৰা গৈছে। আনহাতে, গাৰো সকল খ্ৰীষ্টিয়ান। যাৰ বাবে বিজেপিৰ প্ৰতি আস্থা নাই গাৰো লোকসকলৰ। তাৰো পৰি কংগ্ৰেছ চৰকাৰৰ দিনতেই হওক বা বিজেপি চৰকাৰৰ দিনতেই হওক গাৰো সকলে উন্নয়নৰ মুখ দেখা নাই। সশস্ত্ৰ সংগ্ৰামত থকাৰ দিনৰ পৰাই অসমৰ গোৰো সকলৰ দুখ দুৰ্গতিৰ কথা দেখি আহিছে ৰাজখোৱাই। সেইবাবেই বিজেপি চৰকাৰৰ প্ৰতি আস্থা ৰাখি এনেদৰে কাম কৰিবলৈ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই কাম কৰাৰ কথা জানিব পৰা গৈছে। মুখ্যমন্ত্ৰীৰ সৈতেও সু-সম্পৰ্ক আছে দৃষ্টি ৰাজখোৱাৰ। ইফালে, বিজেপিত যোগদানৰ লগে লগে ২০২৬ ত নিৰ্বাচন খেলাৰো টাৰ্গেট প্ৰাক্তন আলফা নেতা গৰাকীৰ। যাৰ বাবে, ৰাজখোৱাই আলফাত থকা সময়ৰ সম্পৰ্কবোৰ এতিয়াও গাঢ় কৰি ৰাখিছে গাৰো জনতাৰ সৈতে। সেই অনুসৰি গোৱালপাৰা জিলাৰ দুধনৈ, বকো-চয়গাওঁ, পশ্চিম গোৱালপাৰা সমষ্টিত লক্ষ্য দৃষ্টি ৰাজখোৱাৰ। প্ৰকৃততে, গাৰো সকল খ্ৰীষ্টিয়ান বাবে তেওঁলোকক বিজেপিৰ প্ৰতি ধাৰণা সলনি কৰোৱাবলৈয়ে বিজেপিৰ হৈ ২০২৬ ত প্ৰক্ষেপিত হ’ব পাৰে দৃষ্টি ৰাজখোৱা।

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *