“দিপ্লুৰঞ্জন শৰ্মাৰ প্ৰচাৰৰ বাবে শুকুৰ আলিক প্ৰয়োজন কিয়?”

উপ-নিৰ্বাচনত শুকুৰ আলি আছিল বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ। এই খবৰটোৱে বিৰোধীক হাঁহিৰ খোৰাক যোগাইছিল। বিজেপিৰ কাৰ্যকৰ্তা, serious সমৰ্থকৰ মাজতো শুকুৰ আলিৰ বিষয়টোৱে চুই গৈছিল। যেতিয়া, আন মন্ত্ৰী বিধায়ক অথবা ৰাজনৈতিক ষ্টাৰ কেম্পেইনাৰৰ দৰে দুয়োখন হাত দাঙি শুকুৰ আলিয়ে চামগুৰিলৈ প্ৰচাৰ চলাবলৈ গৈছিল, তেতিয়াই বিভিন্নজনে প্ৰশ্ন কৰিছিল,

“দিপ্লুৰঞ্জন শৰ্মাৰ প্ৰচাৰৰ বাবে শুকুৰ আলিক প্ৰয়োজন কিয়?”

কাৰণ, দিপ্লুৰঞ্জন শৰ্মাৰ দৰে এজন সচেতন প্ৰাৰ্থীৰ বাবে শুকুৰ আলিৰ দৰে funny character এটাই প্ৰচাৰ চলোৱাটো তাতোকৈও আছিল অধিক funny দৃশ্য। কাৰণ দিপ্লুৰঞ্জন শৰ্মাই অতি সচেতন ভাৱে নিজৰ ৰাজনৈতিক কেৰিয়াৰ ইমানলৈ আগুৱাই আনি, চামগুৰিৰ দৰে বিজেপিৰ বাবে প্ৰত্যাহ্বান থকা সমষ্টিত নিৰ্বাচন খেলিবলৈ আগবাঢ়িছে। তেনে ক্ষেত্ৰত শুকুৰ আলিক কিয় প্ৰচাৰৰ বাবে অনা হৈছিল? এই প্ৰশ্ন সামাজিক মাধ্যমতো বিভিন্নজনে উত্থাপন কৰিছিল। এতিয়াও বহুতৰ মনত প্ৰশ্ন

“কোনে শুকুৰ আলিক ষ্টাৰ কেম্পেইনাৰ হিছাপে লৈ গৈছিল চামগুৰিলৈ?”

খবৰ অনুসৰি এতিয়া বিজেপিৰ ভিতৰচৰাত এই লৈ চলিছে বিতৰ্ক। কাৰণ, শুকুৰ আলি ষ্টাৰ কেম্পেইনাৰ হোৱা বাবেই দিপ্লুৰঞ্জন শৰ্মাৰ ভোট কমিব বুলিও আশংকা প্ৰকাশ কৰিছে একাংশ বিজেপিৰে কাৰ্যকৰ্তাই। চামগুৰিলৈ শুকুৰ আলিক প্ৰচাৰৰ বাবে লৈ যোৱাৰ মূল উদ্দেশ্য আছিল সংখ্যালঘুৰ ভোট। সংখ্যালঘুৰ ভোট লাভৰ বাবেই কোনো অত্যুৎসাহীয়ে নেতৃত্বক প্ৰস্তাৱ দিছিল শুকুৰ আলিৰ বাবে। কিন্তু চামগুৰিৰ সংখ্যালঘুৱে গ্ৰহণ নকৰে শুকুৰ আলিক। এই খবৰো ইতিমধ্যে বিয়পি পৰিছে মানুহৰ মাজত। কিছু সংখ্যকৰ মতে

“দিপ্লুৰঞ্জন শৰ্মাই পাবলগীয়া ভোটো হেৰুৱাইছে শুকুৰ আলিৰ বাবে!”

অৱশ্যে এয়া আশংকাহে। নিৰ্বাচনী ফলাফলতহে ওলাব প্ৰকৃত তথ্য। কিন্তু শুকুৰ আলিক লৈ যে এতিয়া বিজেপিৰ ভিতৰচৰাত শীতল যুদ্ধ চলিছে সেই কথাও চৰ্চিত হৈছে ৰাজনৈতিক মহলত।

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *