তুলিৰাম ৰংহাঙক মুখ্যমন্ত্ৰীয়ে কিয় লগত লৈ ফুৰে!!

কাৰ্বি আংলঙ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং মুখ্যমন্ত্ৰীৰ বুকুৰ আপোন। এই বুলিয়ে চৰ্চিত হৈ আহিছে বহুদিন ধৰি। আনকি Advantage Assam 2.0 ৰ বাবে মুখ্যমন্ত্ৰীয়ে বিদেশলৈ যোৱাৰ সময়তো তুলিৰামক লৈ গৈছিল। তুলিৰামক কিয় ইমান ভাল পায় মুখ্যমন্ত্ৰীয়ে? তাকে লৈ প্ৰশ্ন সকলোৰে। আনকি তুলিৰাম ৰংহাঙেও নেৰে মুখ্যমন্ত্ৰীৰ সংগ। কেনেকৈনো এৰিব, মুখ্যমন্ত্ৰী যে তেওঁৰ ত্ৰাণকৰ্তা! তুলিৰাম ৰংহাংক মুখ্যমন্ত্ৰীয়ে দিল্লীলৈতো লৈ যায়েই, এইবাৰ এক্কেবাৰে বিদেশলৈয়ো লৈ গ’ল। আনকি Advantage Assam 2.0 ৰ অনুশীলনতো প্ৰধানমন্ত্ৰীৰ ভূমিকা লৈছিল কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে। এইজন তুলিৰামকে আনকি মুখ্যমন্ত্ৰীৰ ATM বুলিও ইতিকিং কৰে বহুতে। পিছে সেই তুলিৰামৰ স্বায়ত্ব শাসিত পৰিষদত কিমান সহায় কৰিছে মুখ্যমন্ত্ৰী তথা অসম চৰকাৰে? এইবাৰ Advantage Assam 2.0 ৰ অন্তত তুলিৰাম ৰংহাং সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মুখ খুলিছে। ইমান গুৰুত্বপূৰ্ণ বিষয় থকাৰ পাছতো মুখ্যমন্ত্ৰীয়ে কিয় ক’লে তুলিৰাম ৰংহাংৰ কথা! প্ৰকৃতে বিদেশলৈ তুলিৰাম ৰংহাংক লৈ যোৱাৰ কাৰণ আছে। সেই কাৰণ মুখ্যমন্ত্ৰীয়ে বৰ্ণনা কৰিলে সংবাদ মাধ্যমৰ আগত। প্ৰকৃততে, কাৰ্বি আংলঙ আৰু ডিমা হাছাওত আছে খনিজাত সম্পদৰ পূৰ্ণ সম্ভাৱনা। যাৰ বাবে, অসমৰ ভবিষ্যতৰ উদ্যোগিক ক্ষেত্ৰ হ’ব কাৰ্বি আংলঙ আৰু ডিমা হাছাও। Advantage Assam 2.0 ত হোৱা চুক্তি অনুসৰি আম্বানীক উদ্যোগৰ স্থাপনৰ বাবে ১৫ দিনৰ ভিতৰত কাৰ্বি আংলঙত দিয়া হ’ব ভূমি। সংবাদমেলতে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। ৰিলায়েন্সৰ এই NIPER প্ৰকল্পৰ জৰিয়তে Biofuel উৎপাদন হ’ব কাৰ্বি আংলঙত। গতিকে তুলিৰাম ৰংহাংকলৈ ফিচিঙা ফিচিঙ কৰা সকলক এনেদৰেই উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে।

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *