ড৹ উপেন ৰাভা হাকাচামলৈ জীৱনজোৰা সাধনা বঁটা

বিশিষ্ট শিক্ষাবিদ ড৹ উপেন ৰাভা হাকাচামলৈ জীৱনজোৰা সাধনা বঁটা। সাহিত্য ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক,লোক সংস্কৃতিৰ গৱেষক পণ্ডিত, ভাষাবিদ ড৹ উপেন ৰাভা হাকাচামক জীৱনজোৰা সাধনা বঁটা ২০২৫ আগবঢ়োৱা হৈছে। হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক গৰাকীলৈ এই বঁটা আগবাঢ়াইছে। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে নিৰ্বাচিত কৰিছে ড৹ হাকাচামক। অহা ২৮ জানুৱাৰীত অনুষ্ঠিত হ’ব বিশ্ববিদ্যালয়খনৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ। বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থাকিব এই সমাৰোহত। ৰাজ্যপালে শিক্ষাবিদ ড৹ হাকাচামক প্ৰদান কৰিব এই সন্মান। পণ্ডিত, ভাষাবিদ গৰাকীলৈ এই সন্মান
প্ৰদান কৰাত স্বাভাবিকতে উৎফুল্লিত গবেষক ছাত্ৰ-ছাত্ৰী তথা দগো ৰাংছাং গৱেষণা সমিতি।