জামাত ই উলেমাই চামগুৰিৰ পৰা বিচাৰিছে বিজেপিৰ সংখ্যালঘু প্ৰাৰ্থী

 

বাজপেয়ী ভৱনত ৰুদ্ধদ্বাৰ বৈঠক

লোকসভাৰ পৰ্যালোচনা বাজপেয়ী ভৱনত

উপ-নিৰ্বাচনৰ সমিতি গঠন বিজেপিৰ

উপ-নিৰ্বাচন সমিতিৰ আহ্বায়কৰ দ্বায়িত্বত দিপ্লুৰঞ্জন শৰ্মা

লোকসভাৰ পাছতে বিজেপি সাজু হৈছে উপ-নিৰ্বাচনলৈ। ইতিমধ্যে দিপ্লুৰঞ্জন শৰ্মাক আহ্বায়ক হিছাপে লৈ ৫ সমষ্টিত গঠন কৰা হৈছে ১৬ জনীয়া সমিতি। কোন সমষ্টিত কাক দায়িত্ব প্ৰদান কৰিলে বিজেপিয়ে!চিদলীৰ দায়িত্বত বিধায়ক অজয় ৰায়, ৰাজীৱ ব্ৰহ্ম, বিভূতি বৰগয়াৰী

বঙাইগাঁৱৰ দ্বায়িত্বত অশ্বিনী ৰায় চৰকাৰ, বনদীপ ডেকা, অৰূপ দে

চামগুৰিৰ দ্বায়িত্বত জিতু গোস্বামী, অনিল শইকীয়া, মহেন্দ্ৰ কোঁৱৰ

ধলাইৰ দ্বায়িত্বত কৌশিক ৰায়, কণাড পুৰুকায়স্থ আৰু শশাংক পাল

বিহালীৰ দ্বায়িত্বত দুলেন নায়ক, বিধায়ক দিগন্ত কলিতা আৰু ভুৱন পেগু

এনেদৰেই বিজেপি সাঁজু হৈছে উপ-নিৰ্বাচনলৈ। ইয়াৰ মাজতে বিজেপিত টুইষ্ট আহিছে। জামাত ই উলেমাই চামগুৰিৰ পৰা বিচাৰিছে বিজেপিৰ সংখ্যালঘু প্ৰাৰ্থী। সংখ্যালঘু সংগঠন জামাত ই উলেমা হিন্দ বিজেপিৰ সমৰ্থক। জামাত ই উলেমা হিন্দৰ সভাপতি মৌলানা আটাউৰ ৰহমান কাচিমিয়ে জনালে এই কথা। শনিবাৰে, বাজপেয়ী ভৱনত উপস্থিত হৈছিল জামাত ই উলেমা হিন্দৰ নেতৃত্ব। লোকসভাৰ ফলাফলৰ হিচাপ নিকাচ লৈ আহিছিল জামাত ই উলেমা হিন্দৰ নেতৃত্বই। পিছে তেওঁলোকক সাখ্যাত দিয়াৰ পৰা বিৰত থাকিল বিজেপিৰ সভাপতি ভবেশ কলিতা।

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *