গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতা

অসম টেনিছ সন্থাৰ উদ্যোগত ১৩ জুলাইৰ পৰা আৰম্ভ হৈছে অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা৷ গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ আজি প্ৰথমদিনা কোৱালিফায়িঙৰ প্ৰথম ৰাউণ্ডৰ মেচসমুহ অনুষ্ঠিত হয়৷ ল’ৰা-ছোৱালীৰ ১২ আৰু ১৪ বছৰ অনূধ্বৰ্ৰ প্ৰতিযোগিতাখনত অৱশ্যে ছোৱালীৰ ১২ বছৰ অনুৰ্ধৰ শাখাত কোৱালিফায়িং মেচ অনুষ্ঠিত হোৱা নাই৷
আনহাতে, প্ৰথমদিনটোতে ছোৱালীৰ ১৪ বছৰ অনুৰ্ধৰ শাখাত সকলো কোৱালিফায়িং মেচ অনুষ্ঠিত হৈছে৷ সেই অনুসৰি ফাইনেল ৰাউণ্ডৰ মেচত জয়ৰে মুল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিছে ৰিয়া বড়ো, আয়ান্যা বৰা, আৰিয়ানা কাকতি, নন্দিনী আমছি ধানিস্কা মহন্ত আৰু আলবিৰা খানম৷ ১৪ জুলাইৰ পুৱাৰে পৰাই ১২ আৰু ১৪ বছৰ অনুৰ্ধৰ ল’ৰাৰ কোৱালিফায়িঙৰ ফাইনেল ৰাউণ্ডৰ মেচসমুহ অনুষ্ঠিত হ’ব বুলি অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জানিবলৈ দিয়ে।
উল্লেখ্য যে আয়োজক অসমসহ ভাৰতৰ ১৩ খন ৰাজ্যৰ প্ৰায় ১৫০ গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাখনত যোগদান কৰিছে৷ অংশগ্ৰহণকাৰী অন্য ৰাজ্য কেইখন হ’ল তামিলনাডু, কৰ্ণাটক, তেলেংগনা, অন্ধ্ৰ প্ৰদেশ, ওডিছা, মহাৰাষ্ট্ৰ, দিল্লী, হাৰিয়ানা, নগালেণ্ড, বংগ আৰু ঝাৰখণ্ড৷ ল’ৰা-ছোৱালী উভয়ৰে একক তথা¸ ডাবলছ শাখাৰ মেচ অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনৰ মুল ৰাউণ্ডৰ খেল অহা ১৫ জুলাইৰ পৰা আৰম্ভ হ’ব৷ আনহাতে, প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হ’ব অহা ১৯ জুলাইত৷
উল্লেখ্য যে অইল ইণ্ডিয়া লিমিটেডে ২০০৮ চনৰ পৰাই অসম টেনিছ সন্থাক ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন সফলতাৰে আয়োজন কৰি অহাত সহযোগিতা আগবঢ়াই আহিছে৷ ধাৰাবাহিকৰূপত ১৬ বছৰ ধৰি অইলৰ সহযোগিতা লাভ কৰাৰ বাবে তৈল প্ৰতিষ্ঠানটোক ধন্যবাদ জনাইছে অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই ৷