ক্ৰীড়া আৰু অধ্যয়ন সমানে অব্যাহত ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কাৰাটে খেলুৱৈ অনুৰাগ দলৈৰ

অনুশীলন আৰু অধ্যয়ন সমানে অব্যাহত ৰাখি ঈৰ্ষণীয় সফলতা অৰ্জন কৰিলে এগৰাকী কাৰাটে খেলুৱৈয়ে। আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় যোৰহাটৰ কাৰাটে খেলুৱৈ অনুৰাগ দলৈয়ে। শিক্ষাৰ লগতে খেলো যে ছাত্ৰ-ছাত্ৰীৰ বাবে অতি গুৰুত্বপূর্ণ তাক পুনৰবাৰ প্ৰমাণ কৰিলে অনুৰাগে। উল্লেখ্য যে, অনুৰাগ দলৈয়ে যোৰহাট জিলাৰ কাৰাটে সন্থাৰ অন্তৰ্গত কায়াস্ত্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। অনুৰাগ কাৰাটেৰ ব্ৰাউন বেল্টৰ ছাত্র। অনুৰাগৰ এই সফলতাত সদৌ অসম কাৰাটে সন্থাৰ সভাপতি দিগন্ত কলিতা আৰু সম্পাদক আদৰ্শ চৌধুৰীয়ে অভিনন্দন জনায় অনুৰাগক। এই সন্দৰ্ভত দিগন্ত কলিতাই কয় যে ক্ৰীড়াৰ অনুশীলন কৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে অনুৰাগ উদাহৰণ হৈ ৰ’ব। আনহাতে, সম্পাদক আদৰ্শ চৌধুৰীয়ে কয় যে শিক্ষার্থীৰ শাৰিৰীক আৰু মানসিক বিকাশৰ বাবে ক্ৰীড়াৰ অনুশীলন কৰাটো যে অতি প্ৰয়োজনীয় অনুৰাগে তাক আকৌ এবাৰ প্ৰমাণ কৰিলে। সদৌ অসম কাৰাটে সন্থাই কাৰাটেৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ শাৰিৰীক আৰু মানসিক দিশৰ উত্তৰণৰ বাবে সদায় কাম কৰি যাব বুলিও চৌধুৰীয়ে লগতে প্ৰকাশ কৰে।
