কি হৈছে বিজেপিত!

ভিতৰি বিশৃংখল পৰিস্থিতি সৃষ্টি হোৱাৰ দৰে হৈছে শৃংখলিত বিজেপিত। যেন এক অস্বস্তিকৰ পৰিবেশত পৰিছে সভাপতি ভবেশ কলিতা। দলৰ বিশৃংখল পৰিবেশে জোকাৰি গৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো। যাৰ ফলত দিছপুৰত মুখ্যমন্ত্ৰীৰে সভাপতি ভবেশ কলিতাৰ ৰুদ্ধদ্বাৰ বৈঠক। মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত এই বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও, মুখ্যমন্ত্ৰীৰ ব্যস্ততাৰ বাবে জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত হৈছিল এই ৰুদ্ধদ্বাৰ বৈঠক।
বৃহস্পতিবাৰৰ দিনটোত উজনি বিজেপিৰ দুজনকৈ নেতাই পদত্যাগ কৰিলে। এই খবৰে জোকাৰি গৈছে দলৰ নেতৃত্বক। উজনিত বিজেপিৰ ভেটি খহাৰ ভয়ে ত্ৰস্তমান কৰিছে নেতৃত্বক। সেয়ে দলৰ সভাপতি ভবেশ কলিতাক জৰুৰী ভাৱে বৈঠকৰ বাবে আমন্ত্ৰণ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। কাৰণ মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ ৰূপে পৰিচিত ভবেন্দ্ৰ নাথ মহন
আৰু সৰ্বানন্দ সোণোৱালৰ অতি ঘণিষ্ঠ যুধিষ্ঠিৰ গগৈয়ে পদত্যাগ কৰিছে বিজেপিৰ পৰা। উজনিত ভেটি লৰচৰ হোৱা বিজেপিক এই খবৰে জোকাৰি গ’ল। যাৰ পৰিপ্ৰেক্ষিতত সভাপতিৰে মুখ্যমন্ত্ৰীৰ ৰুদ্ধদ্বাৰ বৈঠক। প্ৰায় ডেৰ ঘণ্টা জোৰা বৈঠকত মিলিত হয় সভাপতি মুখ্যমন্ত্ৰীয়ে। বৈঠকৰ অন্তত সভাপতি ভবেশ কলিতাৰ মন্তব্য “যুধিষ্ঠিৰ গগৈ আৰু ভবেন্দ্ৰনাথ মহনৰ পদত্যাগে দলৰ কোনো ক্ষতি নকৰে”। আনহাতে, মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্যিক কাৰ্যনিৰ্বাহক সন্দৰ্ভতহে আলোচনা হৈছে বুলি মন্তব্য বিজেপিৰ সভাপতি কলিতাৰ। ইয়াৰ মাজতে সাংবাদিকে বিসম্বাদী নেতাই পঞ্চায়ত নিৰ্বাচনৰ পৰাই বিজেপিক শলঠেকত পেলাবলৈ যো জা চলাইছে বুলি সোধা প্ৰশ্নৰ উত্তৰত সভাপতিৰ মন্তব্য “বিজেপিক কোনেও শলঠেকত পেলাব নোৱাৰে, কিন্তু লক্ষণৰেখা পাৰ হ’লে বিজেপিয়ে কাকো ক্ষমা নকৰে”। জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহাই আৰু অশোক শৰ্মা সন্দৰ্ভতো সাংবাদিকে প্ৰশ্ন কৰিছিল ভবেশ কলিতাক। কলিতাৰ উত্তৰ, “অশোক শৰ্মা সন্দৰ্ভত মই একো নকও। তেওঁ ক’ত থাকে, তেওঁ নিজেই সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু ৰাজেন গোঁহাই দলৰ বেয়া সময়ত সাংসদ হৈছে চাৰিবাৰ, দলৰ বাবে বহুত কষ্ট কৰিছে ৰাজেন গোঁহাইয়ে। দলৰ প্ৰাক্তন সভাপতি ৰাজেন গোঁহাই মোডীৰ মন্ত্ৰীসভাতো স্থান লাভ কৰিছিল।” আনহাতে, চৰ্চাত থকা “জনসংঘ” সন্দৰ্ভত ভবেশ কলিতাৰ মন্তব্য, “অসমত এতিয়া ‘জনসংঘ’ নাই”।