কামাখ্যাৰ দলৈৰ বাসগৃহত ED ৰ অভিযান

কামাখ্যা মন্দিৰৰ‌ পূৰ্বৰ মুখ্য পৰিচালক ৰিজুপ্ৰসাদ‌ শৰ্মাৰ বাসগৃহত ED ৰ অভিযান।‌ পূৰ্বৰ কামাখ্যা দেৱত্তৰ বোৰ্ডৰ তথ্য বিচাৰি ED য়ে অভিযান চলাইছে।

বৰ্তমান কামাখ্যা মন্দিৰ পৰিচালনা কৰে দলৈ সমাজে। দলৈ সমাজৰ লগত সমগ্ৰ পৰিচালনা প্ৰক্ৰিয়াত জড়িত হৈ থাকে কামৰূপ মহানগৰ জিলা প্ৰশাসন‌ আৰু ৰাজ্য চৰকাৰ। কিন্তু কামাখ্যা দলৈ সমাজে এই দায়িত্ব লাভ কৰিছিল ২০১২/১৩ চনতহে। অৰ্থাৎ ২০১২/১৩ চনৰ পূৰ্বে কামাখ্যা মন্দিৰ পৰিচালনাৰ দায়িত্বত আছিল কামাখ্যা দেৱত্তৰ বোৰ্ড। সেই কামাখ্যা দেৱত্তৰ বোৰ্ডৰে মুখ্য প্ৰশাসক তধা অধ্যক্ষ আছিল ৰিজুপ্ৰসাদ শৰ্মা। অৰ্থাৎ কামাখ্যা দেৱত্তৰ বোৰ্ডৰ অধ্যক্ষ থকাৰ সুবাদত প্ৰায় ১০/১৫ বছৰ কামাখ্যা মন্দিৰৰ  পৰিচালনাত মুখ্য পৰিচালকৰ দায়িত্বত আছিল ৰিজুপ্ৰসাদ শৰ্মা। যেতিয়া কামাখ্যা দেৱত্তৰ বোৰ্ড কামাখ্যা মন্দিৰ পৰিচালনাৰ দায়িত্বত আছিল তেতিয়া কামাখ্যা মন্দিৰৰ সকলো কাম কাজ এই দেৱত্তৰ বোৰ্ডে পৰিচালনা কৰিছিল।‌ তাত চৰকাৰৰ কোনো হস্তক্ষেপ নাছিল। ED য়ে ২০০৩ চনৰ পৰা কামাখ্যা মন্দিৰৰ বিভিন্ন কাম কাজত হোৱা ধন হৰলুকীৰ অভিযোগত অভিযান চলাইছে। কামাখ্যা দেৱত্তৰ বোৰ্ডৰ ৰিজু প্ৰসাদ শৰ্মাৰ লগতে আন দুগৰাকী বিষয়ববীয়া ধীৰাজ শৰ্মা আৰু নৱকান্ত শৰ্মাৰ বাসগৃহতো ED ৰ অভিযান। অৱশ্যে ধীৰাজ শৰ্মা আৰু নৱকান্ত শৰ্মা‌ৰ মৃত্যু হৈছে।

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *