ক’লৈ গ’ল ‘সাধৱী’ ৰূপী সুন্দৰী হৰ্ষা!

২০২৫ ৰ মহাকুম্ভ আৰম্ভ হোৱাৰ দিনাৰ পৰাই এগৰাকী ‘সাধৱী’ ভাইৰেল হৈছিল। Social Media ত ভাইৰেল হোৱাৰ ‘মোহময়ী সাধৱী’ গৰাকীনো কোন তাকে লৈ চৰ্চা হৈছিল বিভিন্নজনৰ মাজত। Social Media ত viral হোৱা এই সাধৱী গৰাকীৰ নাম হৈছে ‘হৰ্ষা ৰিচাৰিয়া’। ইতিমধ্যে বিভিন্নজনে হৰ্ষা ৰিচাৰিয়াক মহা কুম্ভৰ আটাইতকৈ ধুনীয়া সাধ্বী বুলিও অভিহিত কৰিছে। প্ৰকৃততে হৰ্ষা এগৰাকী এংকৰ। পিছে, নিজৰ কাম এৰি হৰ্ষা ৰিচাৰিয়া এতিয়া ‘সাধৱী’ৰ ৰূপ লৈছে। এতিয়া সকলোৰে মনত প্ৰশ্ন, হৰ্ষা ৰিচাৰিয়াৰ গুৰু কোন? কাৰ পৰা দীক্ষা লৈ Anchor হৰ্ষাই হৈ পৰিল ‘সাধৱী’! কাৰণ, সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দুহৈ হৰ্ষা ৰিচাৰিয়া মহা কুম্ভলৈ আহিছিল ৰথত উঠি। কপালত ৰঙা তিলক আৰু ফুলৰ মালা পিন্ধি প্ৰবেশ কৰিছিল মহাকুম্ভত।সেইগৰাকী হৰ্ষাকে মহা কুম্ভৰ ‘আটাইতকৈ ধুনীয়া সাধৱী’ বুলিও অভিহিত কৰা হৈছিল। এংকৰিং এৰি ২ বছৰৰ পৰা সাধৱী হোৱা হৰ্ষা ৰিচাৰিয়াৰ গুৰু ‘আচাৰ্য মহামণ্ডলেশ্বৰ স্বামী শ্ৰী কৈলাশানন্দ গিৰি জী মহাৰাজ’। মহাৰাজ নিৰঞ্জনী আখৰাৰ সৈতে জড়িত। সাধৱী হোৱাৰ পূৰ্বে হৰ্ষা চেলিব্ৰিটি এংকৰিংৰ লগতে মডেলো আছিল। উত্তৰাখণ্ডৰ বাসিন্দা হৰ্ষা ৰিচাৰিয়া, এতিয়াও পূৰ্ণাংগ সাধৱী হোৱা নাই। পূৰ্ণাংগ সাধৱী হোৱাৰ মন হৰ্ষা ৰিচাৰিয়াৰ, পিছে বৰ্তমানেও ৰিচাৰিয়াৰ গুৰু স্বামী শ্ৰী কৈলাশানন্দ গিৰি জী মহাৰাজৰ পৰা দীক্ষা পোৱা নাই। কাৰণ হিন্দু ধৰ্মত নগা সাধু-সাধু বা সাধৱী হ’বলৈ গুৰুৰ পৰা দীক্ষা লোৱাটো অতি জৰুৰী। আটাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, Viral হোৱা হৰ্ষা ৰিচাৰিয়াক বহিস্কাৰ কৰা হৈছে মহাকুম্ভৰ পৰা। কলৈ গ’ল ‘সাধৱী’ৰ ৰূপ লোৱা হৰ্ষা? প্ৰশ্ন বহুতৰে।

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *