আইৰ থানত মূৰ দোৱালে মনোকামনা পূৰ্ণ হয়!

এতিয়া শাৰদীয় বতৰ। ৰাজ্যবাসীয়ে আয়োজন কৰিছে দুৰ্গা পূজা। দেবী দুৰ্গাৰ আৰাধনাত ব্যস্ত সকলো। ইয়াৰ মাজতে আছে বহুকেইখন ব্যতিক্ৰমী পূজা। সাধাৰণতে অসমৰ জনজাতীয় লোকসকলৰ প্ৰায় সংখ্যকেই শক্তি পূজা কৰা দেখা যায়। ঠিক তেনেদৰে, দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ পূজাও কৰে জনজাতীয় ৰাইজে। আজি ধেমাজিৰ এখন বিশেষ দুৰ্গাপূজাৰ কথা ক’বলৈ ওলাইছো।
ধেমাজিৰ বঙালমাৰী মিছিং গাঁৱত আছে ঐতিহাসিক শ্ৰী শ্ৰী কামেশ্বৰী আই থান। এই থানখনত যোৱা ৬৭ বছৰে আয়োজিত হৈ আহিছে দুৰ্গা পূজা। ব্যতিক্ৰমী ৰূপত প্ৰতি বছৰে কামেশ্বৰী আই থানত দুৰ্গা পূজা ভাগ আয়োজন কৰি আহিছে স্থানীয় জনজাতীয় লোকসকলে। কেৱল জনজাতীয় লোকসকলে পূজা ভাগ আয়োজন কৰে বুলিলে ভুল হ’ব। গাঁওখনৰ সকলো লোকেই আগভাগ লয় দেৱীৰ পূজা ভাগত। ৬৭ বছৰে স্থানীয় ৰাইজে দূৰ্গা পূজা উপলক্ষ্যে চলাই আহিছে বলি বিধান প্ৰথা। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, কামেশ্বৰী আই থানত ঢাকৰ পৰিবৰ্তে আইক জাগ্ৰত কৰিবলৈ ব্যৱহাৰ কৰে ঢোল। পূজাৰ সময়ত একাংশ পুৰুষ-মহিলাৰ গাত লম্ভে দেৱী। দেৱী লম্ভাৰ লগে লগে নৃত্য কৰিবলৈ আৰম্ভ কৰে পুৰুষ-মহিলা সকলে। সেই সময়ত মিছিং ঢোলৰ চাপৰ তোলে ঢুলীয় সকলে।
এনেদৰেই পৰম্পৰা অনুসৰি আয়োজিত হৈ আহিছে কামেশ্বৰী আই থানৰ দুৰ্গা পূজা ভাগ। আইৰ থানত মূৰ দোৱালে মনোকামনা পূৰ্ণ হয় বুলিও প্ৰবাদ আছে।