অসমত নাথাকিব ঠিকাভিত্তিক শিক্ষক!

এতিয়াৰে পৰা অসমত নাথাকিব ঠিকাভিত্তিক শিক্ষক। ঠিকাভিত্তিক শিক্ষক নিযুক্তি দি বিপদত শিক্ষা বিভাগ। ঠিকাভিত্তিক শিক্ষক হিছাপে আগদিনা নিযুক্তি লৈ, পিছদিনাই সংগঠন খুলি স্থায়ী চাকৰিৰ দাবী জনায়। সেইবাবেই, বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে। সদ্য সমাপ্ত বিধানসভা অধিৱেশনৰ অন্তিমটো দিন এই ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। সদনত শিক্ষামন্ত্ৰীৰ মন্তব্য, ‘ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিবলৈ ভয় লগা হৈছে। কাৰণ, আগদিনা ঠিকাভিত্তিক নিযুক্তি লৈ পিচদিনাই সংগঠন খোলে। সংগঠন খোলি ঠিকাভিত্তিক শিক্ষকে দাবী কৰে স্থায়ীকৰনৰ।চৰকাৰ অমান্তি হ’লে দ্বাৰস্থ হয় ন্যায়ালয়ৰ। যাৰ ফলত শলঠেকত পৰে শিক্ষা বিভাগ। আৰু নিয়মীয়া শিক্ষক নিযুক্তিত হয় বৃহৎ সমস্যা।’ সেইবাবে, সমস্যাৰ পৰা শিক্ষা বিভাগে মুক্তি পাবলৈ, বিদ্যালয় সমূহত শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ অন্য পন্থা গ্ৰহণ কৰিব। ইতিমধ্যে, বিশ্ববিদ্যালয়ৰ সৈতে আলোচনা হৈছে শিক্ষা বিভাগৰ। সেই অনুসৰি,

এতিয়াৰে পৰা ৰাজ্যত নাথাকিব ঠিকাভিত্তিক শিক্ষক। বিপৰীতে, স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পন্ন কৰা সকলৰ বাবে Internship ৰ ব্যৱস্থা কৰা হ’ব বিদ্যালয় সমূহত। আনকি, শিক্ষা বিভাগে ফেলশ্বিপৰ কথাও ভাবিছে শিক্ষকৰ নাটনি দূৰ কৰিবলৈ। এবছৰৰ বাবে ফেলশ্বিপ লাভ কৰিব শিক্ষক সকলে। ঠিকাভিত্তিক শিক্ষক নিযুক্তি নকৰি ফেলশ্বিপৰ জৰিয়তে শিক্ষক দি বিদ্যালয় সমূহত শিক্ষকৰ অভাৱ দূৰ কৰিব শিক্ষা বিভাগে। চৰকাৰে নিয়মীয়া শিক্ষক নিযুক্তি দিয়া সময়লৈ ফেলশ্বিপ প্ৰাপ্ত শিক্ষক সকলে পাঠদান কৰিব লাগিব বিদ্যালয় সমূহত।

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *